131
চণ্ডীগড়ঃ পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাথো এটা দিন। চলে-বলে-কৌশলেৰে ভোটাৰক হাত কৰিবলৈ উঠি-পৰি লাগিছে ৰাজনৈতিক দলবোৰ। হিৰোইন, অ’পিয়ামৰ দৰে নিচাযুক্ত দ্ৰব্য ঘৰতে পোৱাৰ ব্যৱস্থা কৰোৱা হৈছে পঞ্জাৱত।
নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ এমাহৰ ভিতৰতে নিৰ্বাচন আয়োগে জব্দ কৰিছে ২.৬ টনৰো অধিক হিৰোইন, অপিয়ামৰ দৰে ড্ৰাগছ। ”মই নিৰ্বাচন ভাল পাও আৰু প্ৰতিমাহে নিৰ্বাচন হ’লে বহুত ভাল হ’লহেঁতেন’’- এই উক্তি ৰাজেন্দ্ৰ নামৰ এজন নিচাসক্ত লোকৰ।