চণ্ডীগড়ঃ পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাথো এটা দিন। চলে-বলে-কৌশলেৰে ভোটাৰক হাত কৰিবলৈ উঠি-পৰি লাগিছে ৰাজনৈতিক দলবোৰ। হিৰোইন, অ'পিয়ামৰ দৰে নিচাযুক্ত দ্ৰব্য ঘৰতে পোৱাৰ ব্যৱস্থা কৰোৱা হৈছে পঞ্জাৱত।

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ এমাহৰ ভিতৰতে নিৰ্বাচন আয়োগে জব্দ কৰিছে ২.৬ টনৰো অধিক হিৰোইন, অপিয়ামৰ দৰে ড্ৰাগছ। ''মই নিৰ্বাচন ভাল পাও আৰু প্ৰতিমাহে নিৰ্বাচন হ’লে বহুত ভাল হ’লহেঁতেন’’- এই উক্তি ৰাজেন্দ্ৰ নামৰ এজন নিচাসক্ত লোকৰ।

আগতে যদি  দিন-হাজিৰা কৰি, চুৰি কৰি বা ঘৰৰ কোনো সামগ্ৰী বিক্ৰী কৰি অপিয়াম কিনিবলগা হৈছিল, নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজেন্দ্ৰই ঘৰতে বহি পাইছে অ'পিয়ামৰ পেকেট। এয়া হেনো নিৰ্বাচনৰ উপলক্ষে ভোটাৰে পোৱা উপহাৰ। পঞ্জাৱত থকা হাজাৰ হাজাৰ নিচাসক্তসকলৰ মাজৰ এজন ৰাজেন্দ্ৰৰ এই ভাষ্য।

ঘৰুৱা সা-সামগ্ৰী, মদ-ভাং আদিৰ উপৰিও ভোটাৰক আকৰ্ষিত কৰাৰ বাবে ড্ৰাগছৰ যোগান ধৰাটো নতুন কথা নহয়। ২০১২ বৰ্ষৰ ৰাজ্যিক নিৰ্বাচনৰ সময়তো ভোটাৰক আকৰ্ষিত কৰাৰ হাতিয়াৰ হিচাপে ড্ৰাগছৰ বহুল প্ৰয়োগ হোৱা বুলি সন্দেহ কৰা হৈছিল আৰু বৃহৎ হাৰত উদ্ধাৰ কৰা হৈছিল হিৰোইন আৰু অ'পিয়ামৰ কেঁচামাল। 

চৰকাৰী সমীক্ষাত প্ৰকাশিত তথ্য অনুযায়ী ৰাজ্যখনত ৩ লাখ ২০ হাজাৰৰো অধিক নিচাসক্ত লোক আছে। ইফালে নিৰ্বাচনী ভাষণত ৰাজ্যখনক নিচামুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি আনফালে ভোটাৰক ড্ৰাগছ দি ফুচুলোৱা বিষয়টো সম্প্ৰতি ৰাজ্যখনত চৰ্চাৰ বিষয় হৈ পৰিছে।