আমিনগাঁওঃ কলৈ গল ভেংকট৷ ৬০ ঘন্টা পাৰ হোৱাৰ পিছতো শুসুত্ৰ নাই ভেংকটৰ৷ বহিঃ ৰাজ্যৰ ভেংকট নামৰ ছাত্ৰ জন নিৰুদ্দেশ হৈ থকাৰ ৬০ ঘন্টা পাৰ হ’ল যদিও আৰক্ষীয়ে বিভিন্ন ধৰণে বিচাৰ-খোচাৰ কৰি শুংসুত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ বহিঃ ৰাজ্যৰ ছাত্ৰ নিৰুদ্দেশ হোৱাত ঘটনাই চাঞ্চলৰো সৃৃষ্টি কৰিছে গুৱাহাটী মহানগৰীত৷
ৰাজ্যত মানুহৰ জীৱন-সম্পত্তিৰ নিৰপত্তা নোহোৱা হোৱা বুলি অভিযোগ উত্থাপন হৈ সময়তে বহিঃ ৰাজ্যৰ এগৰাকী ছাত্ৰ গুৱাহাটী মহানগৰীৰ সমীপৰ আমিনগাঁৱৰ পৰা নিৰুদ্দেশ হোৱাত চিন্তিত হৈ পৰিছে ৰাজ্যত অধ্যয়ণৰত বহিঃ ৰাজ্যৰ ছাত্ৰ৷ মহানগৰীৰ সমীপৰ উত্তৰ গুৱাহাটীস্থিত আইআইটিৰ ছাত্ৰ নিৰুদ্দেশ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে৷