ডিজিটেল ডেস্কঃ দেশৰ সৰ্বোচ্চ অভিযান্ত্ৰিক প্ৰতিষ্ঠান আইআইটিত মহিলাৰ বাবে সংৰক্ষিত হ’ব ১৪ শতাংশ আসন। দেশৰ আগশাৰীৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহত মহিলাৰ নামভৰ্তিৰ হাৰ নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিততে এই গুৰুত্বপুৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে আইআইটিৰ জইণ্ট এডমিশ্যন বৰ্ডে।
দেশৰ সকলো আইআইটিত ২০১৮ বৰ্ষৰপৰা সংৰক্ষণৰ এই নতুুন নিয়ম প্ৰযোজ্য হ’ব বুলি ঘোষণা কৰা হৈছে।সমীক্ষাত প্ৰকাশ পোৱা মতে ২০১৪ চনত দেশৰ আইআইটিসমূহত ৮.৮ শতাংশ ছাত্ৰীয়ে নামভৰ্তি কৰিছিল। ২০১৫ ৰ শিক্ষাবৰ্ষত সেই হাৰ কিছু আগুৱাই ৯ শতাংশ হৈছিল। কিন্তু ২০১৬ বৰ্ষত সেই হাৰ আকৌ কমি আহে।