‘শৈশৱ কালৰ কথা। সেই সময় আছিল শৈশৱৰ পৰা কৈশোৰলৈ ভৰি দিয়াৰ সময়। তেতিয়া বহুতেই কৈছিল মই অতি আৱেগিক, অতি সংবেদনশীল, অতি খঙাল।’ বিহেভেৰিয়েল এণ্ড ডাটা ছায়েণ্টিষ্ট প্ৰজ্ঞা আগৰৱালাই নিজৰ জীৱনৰ কথাৰ উদ্ধৃতি দি আৰু কৈছে, ‘ কৈশোৰৰ সেই সময়ৰ পৰা মই যেতিয়া এখন বিশ্ববিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰিছিলো তেতিয়া এগৰাকী জ্যেষ্ঠ পুৰুষ সহকৰ্মীয়ে মোক কেইটামান উপদেশ দিছিল। তেওঁ বুজাইছিল কেনে আচৰণ কৰিলে মানুহে বেয়া নাপায়। কেনে আচৰণ কৰা উচিত। তেওঁ মোক বাৰে বাৰে কৈছিল, মই নিজকে কাৰো আগতেই যাতে দুৰ্বল নেদেখুৱাও। নিজকে শক্তিশালী ৰূপত যাতে সদায়ে তুলি ধৰো। পৰাপক্ষত আৱেগ লুকুৱাই ৰখাৰ লগতে কোনো বিশেষ মুহূৰ্তত আক্ৰমণাত্মক হৈয়ো দেখুৱাবলৈ কৈছিল।’
তেওঁ লগতে কয় যে, সৰুতেই আমাৰ মনত অনুভৱৰ কথাবোৰক লৈয়ো লিংগভেদ ৰখা হৈছে। মোৰ জ্যেষ্ঠ সহকৰ্মীগৰাকীয়ে এই বিষয়সমূহক লৈ এখন গ্ৰন্থও লিখিছে। গ্ৰন্থখনৰ নাম হৈছে, ‘এক্সপ্লডিং দ্যা মিথ অৱ জেণ্ডাৰ ইমোশ্যন’। এই গ্ৰন্থখনত লিংগ ভেদে কেনেকৈ অনুভৱক ভাগ কৰা হৈছে সেই বিষয়টো বিস্তৃতৰূপত উল্লেখ কৰা হৈছে। কোন মানুহে কেনেকৈ লিংগৰ ওপৰত ভিত্তি কৰি নিজৰ নিজৰ ভাৱনা প্ৰকাশ কৰে সেই সন্দৰ্ভত আমি কেনেকৈ জানিম, বা কোন ব্যক্তিৰ পৰা কেনে ব্যৱহাৰ আশা কৰিম সেই সম্পৰ্কেও উল্লেখ আছে বিশেষ গ্ৰন্থখনত।