বিলাসীপাৰাঃ প্ৰাথমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, চৰকাৰী বা বেচৰকাৰী দুৰ্নীতি মুক্ত হিচাপে বিদ্যালয়ক গঢ় দিয়াৰ প্ৰচেষ্টা বিৰল থকাৰ প্ৰমাণ কৰিলে নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা শিক্ষাখণ্ডৰ অন্তৰ্গত ১৯০২ নং মাজপাৰা প্ৰাথমিক বিদ্যালয়ৰ সমূহ শিক্ষা গুৰুসকলে।
সাংবাদিকৰ দল এটাই আকস্মিকভাৱে ১৯০২ নং মাজপাৰা প্ৰাথমিক বিদ্যালয়ত প্ৰৱেশ কৰে পাঠদান সংক্ৰান্ত খবৰ ল’বলৈ। জানিব পৰা মতে উক্ত বিদ্যালয়খনৰ প্ৰধান শিক্ষক ফিৰাজুল হকে নিজৰ কৰ্তব্যক সেৱাৰ মনোভাৱেৰে দিনে নিশাই প্ৰচেষ্টা চলাই আৰু সহকৰ্মী সকলৰ সহযোগত বিদ্যালয়খন আদৰ্শ বিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে বুলি সাংবাদিকসকলৰ আগত জানিবলৈ দিয়ে৷