প্ৰক্ৰিয়া অধ্যয়ন নকৰাকৈ খিলঞ্জীয়াক গৃহহাৰা কৰিছিল সোণোৱাল চৰকাৰে

Home গুৱাহাটীপ্ৰক্ৰিয়া অধ্যয়ন নকৰাকৈ খিলঞ্জীয়াক গৃহহাৰা কৰিছিল সোণোৱাল চৰকাৰে

প্ৰক্ৰিয়া অধ্যয়ন নকৰাকৈ খিলঞ্জীয়াক গৃহহাৰা কৰিছিল সোণোৱাল চৰকাৰে

by News Desk
85 views
A+A-
Reset

গুৱাহাটীঃ আমি খিলঞ্জীয়া মানুহ, সোণোৱাল মহাশয় আমাক ইয়াতে থাকিব দিয়ক৷ যদি বাংলাদেশী আছে আপোনালোকে খেদক উঠাই দিয়ক আমাৰ ক’ব লগা নাই৷ আমি ভোট দি আপোনালোকক চৰকাৰ বনাই দিছো৷ কিন্তু আপোনালোকে আমাক শাস্তি দিছে৷ আমাৰ ল’ৰা-ছোৱালী পৰীক্ষা দিব নাপালে৷ আমাৰ ঘৰ ভাঙি দিলে৷ চাৰি মাহৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ মাজ-মজিয়াৰ আমচাং অভয়াৰণ্যৰত থলুৱাই এনেদেৰ চিৎকাৰ কৰিছিল৷ শ-শ থলুৱাৰ এনে চিৎকাৰ নুশুনিলে অহংকাৰী মানুহেৰে ভৰা চৰকাৰ খনে৷

থলুৱাৰ এনে চিৎকাৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, আমোলাই শুনিবলৈ চেষ্টা নকৰিলে৷ অসমৰ থলুৱাৰ মুখত এনে মন্তব্য কৰাৰ পিছতো শ-শ থলুৱাৰ পৰিয়ালক আমচাঙত উচ্ছেদ কৰিছিল৷ বহু লোকে ক’লে আমি মৰি যাম তথাপিও আমি মাটি এৰি নিদিও৷ আমি খিলঞ্জীয়া মানুহ আমি বাংলাদেশী নহয়৷ খোদ বাংলাদেশী নহয় বুলি চিনাকী দিয়াৰ পিছতো গাৰ বলেৰে চৰকাৰে উচ্ছেদ কৰিছিল ইটোৰ পিছত সিটো পৰিয়ালৰ ঘৰ৷ হাতী, এক্সভেটৰেৰে আৰক্ষী, আৰপিএফৰ মানুহৰ লগত লৈ একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল চৰকাৰে আমচাংত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0