দিচাংমুখঃ বৰবিহৰ প্ৰেমত পৰিছে ৰাজ্যৰ যুৱ প্ৰজন্ম৷ একাংশ যুৱকে আন এখন পৃথিৱীত বসবাস কৰাৰ সোৱাদ লভাৰ মোহত প্ৰেমত পৰিছে গাঞ্জাৰ প্ৰেমত৷ উজনিৰ পৰা নামনিলে একাংশ যুৱক এতিয়া গাঞ্জা বাবাৰ প্ৰেমত৷ শিৱ বাবাৰ প্ৰসাদ ৰূপে গ্ৰহণ কৰে বৰবিহ সদৃশ গাঞ্জা৷
ৰাজ্যত একাংশ লোকে প্ৰতিদিনে কোটি কোটি টকাৰ ব্যৱসায় কৰি যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে৷ বৰ্তমান যুৱ প্ৰজন্মৰ মাজত গঢ়ি উঠা এটা সংস্কৃতি হৈছে গাঞ্জা সংস্কৃতি৷ ভোলানাথৰ আশীৰ্বাদ হিচাপেই হওঁক বা ধোঁৱাৰ মাজত উৰি ফুৰাৰ মাদকতাতে হওঁক, মুঠতে নেদেখা এখন কল্পনাৰ পৃথিৱিত উটি ভাহি ঈশ্বৰ প্ৰাপ্তিৰ সপোন দেখে হাজাৰ হাজাৰ যৱকে৷