অষ্ট্ৰিয়াঃ পেৰা-অলিম্পকত ৭৩ টা মেডেল অৰ্জন কৰিছে ভাৰতে৷ অষ্ট্ৰিয়াত ১৪ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগীতাত ভাৰতে ৩৭ টা সোণ, ১০ টা ৰূপ আৰু ২৬ টা ব্ৰঞ্জৰ মেডেল লাভ কৰিছে৷ শনিবাৰে সামৰণি পৰা এই অনুষ্ঠানত বিভিন্ন শিতানত মেডেল লাভ কৰে ভাৰতে৷  

ফ্ল’ৰ হকী, ইউনিফাইড ফুটবল, ট্ৰেডিছনেল ফুটবলত সোণ অৰ্জন কৰে ভাৰতে৷ মুলত সমগ্ৰ বিশ্বৰ ১০৫ খন দেশৰ ২৬০০ জন বিশেষভাৱে সক্ষম খেলুৱৈৰ মাজত অনুষ্ঠিত হয় এই প্ৰতিযোগীতা৷ প্ৰত্যেক ৪ বছৰৰ মুৰে মুৰে অনুষ্ঠিত হোৱা এই অলিম্পিত ভাৰতবৰ্ষই ২০১৩ চনত ৪৬ টা মেডেল লাভ কৰিছিল৷