ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ প্ৰথম দিনটোতে শীৰ্ষস্থানত অধিষ্ঠিত হ’ল ভাৰত। এই দিনটোত সমগ্ৰ বিশ্বতে জন্মলাভ কৰে প্ৰায় ৪ লাখ নৱজাতক। ইয়াৰ ভিতৰত ভাৰতত জন্ম লাভ কৰা নৱজাতকৰ সংখ্যাই হৈছে সকলো দেশতকৈ সৰ্বাধিক।
ইউনিচেফৰ পৰিসংখ্যা অনুযায়ী পহিলা জানুৱাৰীৰ দিনটোত বিশ্বত ৩,৯২,০৭৮ টি শিশুৱে জন্মলাভ কৰে আৰু ৬৭,৩৮৫টি শিশুৱেই জন্মলাভ কৰিছে ভাৰতত। ভাৰতৰ পিছতে এই ক্ষেত্ৰত দ্বিতীয় স্থানত আছে চীন। চুবুৰীয়া দেশখনত নৱবৰ্ষত জন্মলাভ কৰা শিশুৰ সংখ্যা হৈছে ৪৬,২৯৯টি।