ডিজিটেল ডেস্কঃ বছৰটোৰ প্ৰথমটো দিনতে জম্মু-কাশ্মীৰবাসীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে। বিবিচিকে আদি কৰি কেবাটাও আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰি অনুযায়ী ১ জানুৱাৰীৰ পৰা সুদীৰ্ঘ ৫ মাহৰ অন্তত সম্পূৰ্ণ ৰাজ্যৰ পৰা কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তন ঘটা কাশ্মীৰত এছএমএছ সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। চৰকাৰৰ এই ঘোষণাই স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছিল কাশ্মীৰৰ প্ৰতিজন জনতাক।

কিন্তু ৩১ ডিচেম্বৰ পাৰ হৈ নতুন বছৰৰ নতুন সূৰ্যোদয়ৰ পিছতে হতাশ হৈ পৰিবলৈ বাধ্য হয় কাশ্মীৰৰ জনতা। প্ৰকাশিত বাতৰি অনুযায়ী চৰকাৰে ঘোষণা কৰা অনুযায়ী ৰাজ্যখনত আজিও সম্পূৰ্ণকৈ মুকলি কৰি নিদিলে এছএমএছ সেৱা। এই সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি বিবিচি আৰু নিউয়ৰ্ক টাইমছৰ আগত এজন কাশ্মীৰী যুৱকে কয় যে চৰকাৰে তেওঁলোকক ১ জানুৱাৰীৰ দিনাই সাংঘাটিকভাৱে প্ৰবঞ্চনা কৰিছে।

যুৱকজনে জনোৱা মতে প্ৰশাসনে মাত্ৰ বিএছএনএলৰ গ্ৰাহকসকলৰ বাবেহে এছএমএছ সেৱা মুকলি কৰি দিছে। বিএছএনএলৰ বাদে বাকী টেলিকম প্ৰতিষ্ঠানৰ গ্ৰাহকসকলে পুৱাই এছএমএছ প্ৰেৰণৰ চেষ্টা কৰে যদিও নিৰাশ হ’বলগীয়া হয়।

'সুদীৰ্ঘ ৫ মাহৰ পিছত মই মোৰ বিছএনএল ছিমখনৰ জৰিয়তে মোবাইলটোত এছএমএছ লাভ কৰি আচৰিত হৈছিলো। সঁচাকৈয়ে এয়া আছিল এক ৰোমাঞ্চকৰ অনুভৱ। আজি পুৱা শুই উঠিয়েই মই দেখিছিলো যে ২ নম্বৰ ছিমখনলৈ এটা মেছেজ আহিছিল। কিন্তু ১নং শ্লটত থকা জিঅ’ ছিমখন শান্ত হৈয়ে আছিল।’- চৰকাৰক মিছলীয়া আখ্যা দি এইদৰে কয় যুৱকজনে।

আনহাতে চিকিৎসালয়সমূহত ব্ৰডবেণ্ড সেৱা আৰম্ভ কৰাৰ কথাও ঘোষণা কৰিছিল যদিও সেয়াও আন এক প্ৰবঞ্চনা বুলি দাবী কৰিছে অসংখ্যজনে। 'চৰকাৰে ঘোষণা কৰিছে ঠিকেই। কিন্তু আমি আমাৰ চিকিৎসালয়ত এতিয়ালৈ ইণ্টাৰনেট সেৱা লাভ কৰা নাই। চৰকাৰখনে আমাক নিৰ্যাতনৰ ওপৰত নিৰ্যাতন চলাইছে।’-এই ভাষ্য চিডি হাস্পতালত কৰ্মৰত চিকিৎসক ডা০ নবীদৰ।

চিকিৎসালয়খনত চিকিৎসাৰ বাবে অহা কেবাগৰাকী ৰোগীৰ অভিভাৱকেও আজি আন্তৰ্জাতিক সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে। জাফৰ আহমেদ নামৰ এজনে বিবিচিৰ আগত কয় যে চৰকাৰখনে কয় এটা আৰু বাস্তৱত কৰে এটা।

'চৰকাৰে আজিৰ দিনটোতো আমাক প্ৰতাৰণা কৰিলে। যদিহে এছএমএছ সেৱা ঘোষণা কৰাৰ দৰেকৈ আৰম্ভ হ’লহেতেন তেন্তে আমি সামান্য হ’লেও সকাহ লাভ কৰিলোহেতেন। এছএমএছ সেৱা নথকাত আমি মানসিক ৰোগী সদৃশ হৈ পৰিছো। আজি আশা কৰিছিলো যদি এয়াহে হ’ল।’-জাফৰৰ ভাষ্য।

ইফালে ঘোষণা কৰা অনুযায়ী কাশ্মীৰত কিয় এছএমএছ সেৱা মুকলি কৰা নহ’ল বুলি বিবিচিয়ে দায়িত্ববাহী বিভাগীয় বিষয়াক প্ৰশ্ন কৰে যদিও কোনোধৰণৰ উত্তৰ নিদিলে বুলি বাতৰিত প্ৰকাশ কৰিছে। উল্লেখ্য যে সংবিধানৰ ৩৭০নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ সময়ৰে পৰা সুদীৰ্ঘ ৫ মাহ ধৰি আজি পৰ্যন্ত ৰাজ্যখনত মোবাইল এছএমএছ আৰু ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছে। 

বাতৰি অনুযায়ী দীৰ্ঘদিন ধৰি লেণ্ডলাইন ফোন আৰু প্ৰিপেইড-পোষ্টপেইডকে আদি কৰি সকলো ধৰণৰ যোগাযোগ ব্যৱস্থাও বন্ধ ৰাখিছিল চৰকাৰে। অৱশ্যে পিছলৈ পৰ্যায়ক্ৰমে লেণ্ডলাইন ফোন আৰু পোষ্টপেইড ফোনৰ সেৱা মুকলি কৰি দিয়ে।

উল্লেখ্য যে, যোৱা ডিচেম্বৰত 'কা’ বিৰোধী আন্দোলনৰ গইনা লৈ একেৰাহে ১০ দিনৰ বাবে অসমতো মোবাইল ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছিল চৰকাৰে। ফলত ৰাজ্যখনত প্ৰায় প্ৰতিটো ক্ষেত্ৰতে দেখা গৈছিল এক অনাহুত পৰিৱেশৰ। এনে পৰিপ্ৰেক্ষিটত অসমত ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰি দিয়াৰ পিছতে অধিকাংশ লোকে ছ’চিয়েল মিডিয়াযোগে কাশ্মীৰবাসীয়ে এই ডিজিটেল যুগত কিদৰে সুদীৰ্ঘ সময় ধৰি ইণ্টাৰনেট আৰু এছএমএছ অবিহনে সময় অতিবাহিত কৰিছে সেয়া সঁচাকৈয়ে আশ্বৰ্যজনক বুলি মন্তব্য কৰা পৰিলক্ষিত হৈছে।