গুৱাহাটীঃ আজি ১ জানুৱাৰী। এই দিনটোত সাধাৰণতে উলাহৰ অন্ত নাথাকে গুৱাহাটীৰ গ্ৰন্থপ্ৰেমীসকলৰ মাজত। প্ৰচণ্ড শীতকো নেওচি এই দিনটোত ন ন গ্ৰন্থৰ উমেৰে উমাল হৈ পৰে চানমাৰিৰ অভিান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰ। এইবাৰ পিছে চানমাৰিৰ উক্ত বিশেষ স্থান আজিৰ বিশেষ দিনটোত সম্পূৰ্ণৰূপে নিমাওমাও।

নিৰ্ধাৰিত কাৰ্যসূচী অনুযায়ী যোৱা ২৮ ডিচেম্বৰৰ পৰা ৮ জানুৱাৰীলৈ খেলপথাৰখনত অনুষ্ঠিত হোৱাৰ কথা আছিল অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা। যোৱা ২৫ ছেপ্টেম্বৰতে এক বিবৃতিযোগে উক্ত ঘোষণা কৰি প্ৰকাশক তথা বিক্ৰেতাসকলক অংশগ্ৰহণৰ প্ৰ-পত্ৰ সংগ্ৰহ কৰিবলৈ পৰিষদে আহ্বান জনাইছিল। কিন্তু ডিচেম্বৰৰ দ্বিতীয়টো সপ্তাহৰ পৰা সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী আইনক লৈ আন্দোলন তীব্ৰতৰ হৈ পৰালৈ চাই প্ৰকাশন পৰিষদে যোৱা ১৯ ডিচেম্বৰত সংবাদ মাধ্যমলৈ আন এক বিবৃতি প্ৰদান কৰি গ্ৰন্থমেলাখন নিৰ্ধাৰিত সময়তকৈ পলমকৈ ৮ জানুৱাৰীৰ পৰাহে অনুষ্ঠিত হ’ব বুলি জনায়।

ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত ভিন্নজনে অহা ৮ জানুৱাৰীতো গ্ৰন্থমেলাখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰায় ক্ষীণ বুলি মতামত ব্যক্ত কৰা দেখা গৈছে। এই সন্দৰ্ভত News Next Oneৰ তৰফৰ পৰা প্ৰকাশন পৰিষদৰ সৈতে যোগাযোগ কৰাত জানিবলৈ দিয়ে যে ৮ জানুৱাৰীত গ্ৰন্থমেলাখন অনুষ্ঠিত কৰিব পৰাকৈ সকলো ব্যৱস্থা কৰি ৰখা হৈছে যদিও বহুতে আশংকা কৰাৰ দৰে আৰু পিছুৱাই যোৱাৰ সম্ভাৱনাও নথকা নহয়।

'বৰ্তমানো গুৱাহাটীবাসী ৰাইজে কিতাপ কিনিব পৰা পৰিৱেশ এটা গঢ় লৈ উঠিছে বুলি আমাৰ মনে ধৰা নাই। আমি পৰিস্থিতিৰ অধ্যায়ন অব্যাহত ৰাখিছো। ৮ জানুৱাৰীত অনুষ্ঠিত কৰিবলৈ আমি যিমানদূৰ সম্ভৱ সিমান চেষ্টা চলাই যাম।’-এইদৰে কয় নাম প্ৰকাশত অনিচ্ছুক পৰিষদৰ এগৰাকী শীৰ্ষ বিষয়াই।

বিষয়াগৰাকীয়ে আৰু কয় যে পৰিস্থিতি স্বাভাৱিক নহ’লে গ্ৰন্থমেলা অনুষ্ঠিত কৰিলেও বিক্ৰেতাসকলে লোকচানৰ সন্মুখীন হোৱাৰ ভয়ত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি নহাৰ সম্ভাৱনা অধিক। সেয়া হ’লেও বিভাগীয় মন্ত্ৰীৰ সৈতে গ্ৰন্থমেলাখন ৮ জানুৱাৰীতে অনুষ্ঠিত কৰা সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ পিছতহে নিশ্চিত সিদ্ধান্তত উপনীত হ’ব পৰা যাব বুলিও তেওঁ সদৰী কৰে। অন্যাথাই ভোগালী বিহুৰ পিছতহে অনুষ্ঠিত হোৱাৰো ইংগিত প্ৰদান কৰে তেওঁ।

কোনো কাৰণত এইবাৰ গ্ৰন্থমেলাখন অনুষ্ঠিত নহ’বও পাৰে নেকি বুলি সোধাত বিষয়াগৰাকীয়ে সকলো সিদ্ধান্ত চৰকাৰেহে ল’ব বুলিও স্পষ্ট কৰি দিয়ে। 'পৰিষদৰ ফালৰ পৰা এয়া এতিয়াই নিশ্চিতকৈ ক’ব নোৱাৰি। আমি সকলো সাজু কৰি ৰাখিছো। কিন্তু শেষ সিদ্ধান্ত চৰকাৰেহে ল’ব।’-তেওঁ কয়।

ইফালে সময়মতে গ্ৰন্থমেলা অনুষ্ঠিত কৰিব নোৱাৰাক লৈ চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে গ্ৰন্থপ্ৰেমীসকলে। ছ’চিয়েল মিডিয়াতো দেখা গৈছে ইয়াৰ বৰ্হিঃপ্ৰকাশ। কা বিৰোধী প্ৰতিবাদৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন কৰিবলৈ ৰাজ্যৰ ঠায়ে ঠায়ে বিশাল শান্তি সভা আয়োজন কৰিব পৰা চৰকাৰখনে পৰিস্থিতিৰ দোহাই দি গ্ৰন্থমেলাখন অনুষ্ঠিত নকৰা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিছে অধিকাংশ লোকে। বহুতে গ্ৰন্থমেলাখন অনুষ্ঠিত কৰিবলৈ চৰকাৰৰ সদিচ্ছাৰ অভাৱ বুলিও ক্ষোভ ব্যক্ত কৰা দেখা গৈছে।