newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ নতুন ৰূপত হোৱাটছ এপ৷ জনপ্ৰিয় মেছেজিং এপ হোৱাটছ এপে শেহতীয়াকৈ সংযোজন কৰিব নতুন ফিচাৰ৷ এপটোৰ ফিচাৰৰ জৰিয়তে হোৱাটছ এপ গ্ৰুপৰ এডমিনে নিয়ন্ত্ৰণ কৰিব পাৰিব কোনে মেছেজ দিব পাৰিব নতুবা কোনে দিব নোৱাৰিব৷ হোৱাটছ এপ নতুন সংস্কৰণত এই পদ্ধতি সংযোজন কৰাৰ কথা উল্লেখ কৰিছে হোৱাটছ এপে৷ শেহতীয়াকৈ ঘোষণা কৰা মতে গ্ৰুপ ব্যৱস্থাত কেৱল এডমিনেহে মেচেজ পঠাব পৰা ব্যৱস্থা থাকিব৷
যদি এডমিনে চেটিংছত ‘অনলি এডমিন’ নিৰ্বাচন কৰি থয় তেন্তে কেৱল এডমিনেহে মেছেজ দিব পাৰিব৷ মেছেজ দিয়াৰ অধিকাৰ কেৱল এডমিনৰ থাকিব৷ ইণ্ডিয়ান এক্সেপ্ৰেছত হোৱাটছৰ এপৰ প্ৰৱক্তাৰ এটি সাক্ষাৎকাৰত গ্ৰুপত অবাঞ্চিত খবৰ প্ৰচাৰ এই পদ্ধতিৰ জৰিয়তে বন্ধ হৈ পৰিব বুলি কয়৷