newsnextone.com | ডিজিটেল ডেস্কঃ সোমবাৰে পুৱা ব্ৰহ্মচ নামৰ শব্দতকৈও বেগী ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষামূলক উৎক্ষেপণ কৰে ভাৰতে৷ উৰিষ্যাৰ উপকূলৰ পৰা সফল উৎক্ষেপন কৰি ভাৰতৰ সামৰিক বাহিনীক অধিক শক্তিশালী কৰাত ব্ৰহ্মচে সহায় কৰিব বুলি ভাৰতীয় সেনাৰ ডিআৰডিঅ’ৰ তৰফৰ পৰা এক বিবৃতিযোগে জনোৱা হয়৷
ভাৰত আৰু ৰাছিয়াৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা ব্ৰহ্মচ পৃথিৱীৰ আটাইতকৈ দ্ৰুতগামী ক্ষেপণাস্তৰ হিচাপে পৰিচিতি লাভ কৰিছে৷ শব্দৰ বেগতকৈ প্ৰায় ৩ গুণ অধিক দ্ৰুতগামী ব্ৰহ্মচ নামৰ ক্ষেপণাস্ত্ৰবিধৰ নাম ভাৰতৰ বিশাল নদী ব্ৰহ্মপুত্ৰ আৰু ৰাছিয়াৰ মচকভা নদীৰ নামেৰে কৰা হৈছে৷