গুৱাহাটীঃ অৱশেষত দেশবাসীৰ উৎকণ্ঠাৰ অৱসান ঘটাই আইচিচি ক্ৰিকেট বিশ্বকাপৰ বুধবাৰে প্ৰথমখন খেল আৰম্ভ হ’ল। শক্তিশালী প্ৰতিপক্ষ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে আইচিচি বিশ্বকাপ ক্ৰিকেটৰ ২০১৯ ৰ প্ৰথমখন মেচক লৈ ইতিমধ্যে উৎকণ্ঠাৰে বাট চাইছে দেশবাসী।
বিৰাট কৌহলিৰ নেতৃত্বত বিশ্বকাপ ক্ৰিকেটৰ এইবাৰ ভাৰতীয় দলটোৰ প্ৰায় সংখ্যক খেলুৱৈ এইবাৰ প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলিব। ভাৰতীয় সময় অনুসৰি বিয়লি তিনি বজাৰপৰা ইংলেণ্ডৰ চাউথেম্পটনৰ ৰ’জ বাউল ষ্টুডিয়ামত অনুষ্ঠিত হৈছে খেলখন।