ডিজিটেল ডেস্কঃ ছিকিম সীমান্তত উত্তেজনা অব্যাহত থকাৰ মাজতে পুনৰ ভাৰতক সকীয়াই দিছে চীনে। যুদ্ধত ভাৰতে চীনৰ সমুখত এপলকো তিষ্ঠিবই নোৱাৰিব বুলিও দাবী কৰিছে দেশখনৰ সেনাবাহিনীয়ে। মঙলবাৰে পিপলছ লিবাৰেশ্যন আৰ্মীৰ ৱেবছাইটত ‘যুদ্ধ লাগিলে ভাৰতে টিকিবই নোৱাৰিব’ বুলি উল্লেখ কৰি ভাৰতীয় সেনাক ধমকি দিয়া এখন ছবিও প্ৰকাশ কৰা হৈছে।
দেশখনৰ যুদ্ধ বিশেষজ্ঞ ওৱাং দেহুয়াৰ উক্ত লেখাত ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ কথাও উল্লেখ কৰা হৈছে। লেখাটোত ওৱাঙে লিখিছে, ‘ইয়াৰ আগতে আমাৰ সমুখত ভাৰতে দুবাৰকৈ বশ্যাতা স্বীকাৰ কৰি পিছ হুহুকিবলৈ বাধ্য হৈছিল।’