60
গুৱাহাটীঃ সময়ৰ পূৰ্বে বৰঝাৰ বিমান বন্দৰৰ পৰা উৰা মাৰিলে “ইণ্ডিগো” A.E. 5924 নম্বৰৰ মুম্বাই অভিমুখী বিমান। 19.10 বজাত যাত্ৰা কৰিব লগা বিমানখনে নিৰ্ধাৰিত সময়তকৈ ডেৰ দুঘণ্টা পূৰ্বে যাত্ৰা কৰাৰ ফলত বহু যাত্ৰী ৰৈ যাবলগীয়া হয়।
ইয়াৰ ভিতৰত আছিল কেবাগৰাকী বিদেশী পৰ্যটক। প্ৰাপ্ত বাতৰি মতে, ভুক্তভোগী যাত্ৰীসকলে বিমান বন্দৰত তেওঁলোকৰ সামগ্ৰী পৰীক্ষা কৰি থকা অৱস্থাতে কোনো আগজাননী নোহোৱাকৈ বিমানখন উৰা মাৰে।