69
ডিজিটেল ডেস্কঃ মেগা দেওবাৰ। আজি কেৱল ভাৰত বনাম পাকিস্তান। কেৱল ক্ৰিকেটেই নহয় ৰাষ্ট্ৰীয় খেল হকীতো সমুখ সমৰত অৱতীৰ্ণ হ’ব দল দুটা। তাৎপৰ্যপূৰ্ণভাৱে দুয়োখন মেচেই অনুষ্ঠিত হ’ব ইংলেণ্ডত।
ষ্টেডফ’ৰ্ড ৰিভাৰবেংক এৰিনাত হকী। লণ্ডনৰ অভেলত ক্ৰিকেট। ১০ মাইলৰ দূৰত্ব। দুয়ো স্থানতে বিৰল মুহূৰ্ত। এনেদৰেই মেগা দেওবাৰত দেশ বিভাজনৰ নায়ক ইংৰাজসকলে পুনৰ উপভোগ কৰিব ভাৰত-পাকিস্তানৰ মহাযুদ্ধ।