ডিজিটেল ডেস্কঃ মেগা দেওবাৰ। আজি কেৱল ভাৰত বনাম পাকিস্তান। কেৱল ক্ৰিকেটেই নহয় ৰাষ্ট্ৰীয় খেল হকীতো সমুখ সমৰত অৱতীৰ্ণ হ’ব দল দুটা। তাৎপৰ্যপূৰ্ণভাৱে দুয়োখন মেচেই অনুষ্ঠিত হ’ব ইংলেণ্ডত।

ষ্টেডফ’ৰ্ড ৰিভাৰবেংক এৰিনাত হকী। লণ্ডনৰ অভেলত ক্ৰিকেট। ১০ মাইলৰ দূৰত্ব। দুয়ো স্থানতে বিৰল মুহূৰ্ত। এনেদৰেই মেগা দেওবাৰত দেশ বিভাজনৰ নায়ক ইংৰাজসকলে পুনৰ উপভোগ কৰিব ভাৰত-পাকিস্তানৰ মহাযুদ্ধ।

দিন দিয়েক পূৰ্বে বিৰাট কোহলিক সংবাদ মাধ্যমৰ প্ৰশ্ন, 'আপুনি কেতিয়াবা হকী খেলিছেনে?’ ক্ৰিকেট অধিনায়কজনৰ উত্তৰ, 'মই এটা কথাই ভাবো, বুকু কিমান ডাঠ হ’লে এই খেল খেলিব পাৰি।’

অলপ ৰৈ পুনৰ কৈ গৈছে, 'ইনডৰ নেট ছেছনত ছিন্থেটিক হকী বলত প্ৰেকটিছ কৰিছিলো। কিন্তু কোনো দিনে হকী খেলাৰ চেষ্টা কৰা নাই। পেনাল্টি কৰ্ণাৰৰ পৰা শক্তিশালী ড্ৰেগ ফ্লিকৰ সন্মুখীন হোৱাৰ কথা ভাবিলেই ভয় লাগে। তেওঁলোকে কেনেদৰে খেলে, ভাবি তবধ মানো। হয়তো বুকু ডাঠ হ’ব লাগিব। হকী দলটোলৈ আমাৰ শুভেচ্ছা থাকিল।’

ভাৰতীয়সকলে হয়তো অভেলত ইতিমধ্যে ভিৰ আৰম্ভ কৰিছেই। দেশৰ মাটিতো হয়তো বিৰাট বাহিনীৰ জয়ৰ মুহূৰ্ত প্ৰত্যক্ষ কৰিবলৈ অধিকাংশই টিভিৰ সমুখত বহিবলৈ যো-জা চলৱাইছে।

কিন্তু অভেলৰ পৰা মাত্ৰ ১০ মাইল দূৰত্বত অনুষ্ঠিত হ’ব চিৰ বৈৰী দল দুটাৰ আন এখন মহাযুদ্ধ। ৱৰ্ল্ড হকী লীগৰ ছেমি ফাইনেলৰ এই মহাযুদ্ধত চিৰশত্ৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব হৰমনপ্ৰীত, ৰুপিন্দৰ বাহিনী।

যিসকলে অভেলৰ টিকট কাটিবলৈ সক্ষম নহ’ল তেওঁলোকে এতিয়া ৰক্তহীন ভাৰত-পাক যুদ্ধৰ সোৱাদ ল’বলৈ যাব পাৰে ৰিভাৰবেংকলৈ। একেদৰে দেশৰ মাটিত থকা ক্ৰিকেট বিৰোধীসকলেও টিভিৰ সমুখত বহি উপভোগ কৰিব পাৰে ৰাষ্ট্ৰীয় খেল হকীত ভাৰত-পাক যুদ্ধ।