newsnextoneপশ্চিম নলবাৰী ১০অক্টোবৰঃ অহা ১১, ১২ আৰু ১৩ অক্টোবৰত নাহৰকটিয়াত অনুষ্ঠিত হব লগা সদৌ অসম ভিত্তিত ৩৫ সংখ্যক আন্ত: জিলা জুনিয়ৰ আৰু ক্ৰেডেট টাইকোৱানডো প্ৰতিযোগিতাখনত অংশ গ্ৰহনৰ বাবে নলবাৰী জিলাৰ দলটো বাচনি কৰা হৈছে৷ জিলা টাইকোৱানডো সন্থাই ২৭গৰাকী ল’ৰা-ছোৱালীক উভয় শাখাত বাচনি কৰিছে৷
জিলা টাইকোৱানডো সন্থাই বাচনি কৰা খেলুৱৈ সকল হল সুজিত সাহা, দেৱজিত দাস, হিমাংসু বৰ্মন, হিৰক জোতি চৌধুৰী,প্ৰীতম শৰ্মা,তৰংগ কল্লোল ডেকা, জোতিস্মিতা ৰায়, তৃষ্ণা গোস্বামী, হিয়াশ্ৰী বৰ্মন,দেৱস্মিতা মেধি, কৌশিক বডো়, নৃন্ময় ৰাজবংশী, অনুপ বৰ্মন দ্বীপজোতি ডেকা, কুলদ্বীপ, অভিজিত দাস, প্ৰিয়াশু বৰ্মন, মেঘালী বৰ্মন, চুমি কলিতা আৰু বিতুমনি দাস৷ উক্ত  দলটোত পৰিচালক হিচাপে প্ৰশান্ত দাস আৰু দ্বীপ বৰ্মন, প্ৰশিক্ষক হিচাপে শ্যাম কুমাৰ শৰ্মা আৰু ৰেফাৰী কিশোৰ দাসক নিৰ্বাচিত কৰা হৈছে৷
দিগন্ত বৰ্মন, পশ্চিম নলবাৰী