জয়ন্ত মুদৈ,নগাঁওঃ পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে অসম কন্যা হিমা দাস৷ পোলেণ্ডত অনুষ্ঠিত কুটন’ এথলেটিকছ মিটত এইবাৰ স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে হিমা দাস। মহিলাৰ ২০০ মিটাৰ দৌৰত স্বৰ্ণ লাভ কৰে হিমাই।
হিমাই ২৩.৯৭ ছেকেণ্ডত নিজৰ দৌৰ সম্পূৰ্ণ কৰি শীৰ্ষ স্থান লাভেৰে দখল কৰে এই পদক। প্ৰকাশ যে, এটা সপ্তাহৰ ভিতৰত হিমা দাসৰ এইয়া দ্বিতীয়টো স্বৰ্ণ জয়। ইয়াৰ পূৰ্বে পিঠিৰ বিষকো নেওচি মঙলবাৰে পজনান এথলেটিকছ গ্ৰাঁ প্ৰীত মহিলাৰ ২০০ মিটাৰ ৰেচত সোণৰ পদক জয় কৰিছিল ধিং এক্সপ্ৰেছ খ্যাত হিমাই৷ হিমা দাসৰ ব্যক্তিগত সৰ্বোচ্ছ স্কৰ ২৩.১০ ছেকেণ্ড আৰু টুৰ্ণামেণ্টত তেওঁ স্বৰ্ণজয় কৰোতে গতিবেগ আছিল ২৩.৬৫ ছেকেণ্ড ।