newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰায় এমাহ ধৰি চলাৰ পিছত এতিয়া সামৰণিৰ পৰ্যায়ত উপস্থিত হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আইপিএল৷ শুকুৰবাৰে ছানৰাইজাৰ্স হাইদৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্চৰ মাজত অনুষ্ঠিত হ’বলগীয়া নিৰ্ণায়ক খেলখনৰ পিছতে শুকুৰবাৰৰ বিজয়ী দলটোৱে চেন্নাই চুপাৰ কিংগছৰ বিৰুদ্ধে শেষ যুদ্ধত অৱৰ্তীৰ্ণ হ’ব৷
আনহাতে আইপিএল-২০১৮ত ভাল ফলাফল দেখুৱাবলৈ সক্ষম নহ’ল আশ্বিনৰ কিংগছ ইলেভেন পঞ্জাৱ, ৰাহানেৰ ৰাজস্থান ৰয়েলছ, ৰোহিত শৰ্মাৰ মুম্বাই ইণ্ডিয়ানছ আৰু বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰু বাহিনীয়ে৷ যাৰ ফলত এই দলসমূহৰ অনুৰাগীসকলৰ মাজত নিৰাশাই চানি ধৰে৷ বিশেষকৈ ৰোহিত শৰ্মাৰ নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ আৰু বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰুৱে পইন্ট তালিকাৰ শীৰ্ষ ৪ দলৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম নহোৱাত নিৰাশ হৈ পৰে দল দুটাৰ অনুৰাগীসকল৷