নতুন দিল্লীঃ মুম্বাই ইণ্ডিয়ানছৰ বিধ্বংসীৰ বলিঙত টচনছ চেন্নাই চুপাৰ কিংছৰ চতুৰ্থবাৰ আইপিএলৰ ফাইনেল জিকাৰ সপোন। মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছে জয়ৰ কাষ চাপিও ১ ৰাণত পৰাজয় স্বীকাৰ কৰিলে ইণ্ডিয়ান প্ৰিমীয়াৰ লীগৰ ১২ সংখ্যক বর্ষত। অন্তিম বলত চিএছকেক জয়ৰ বাবে প্ৰয়োজন আছিল দুই ৰাণ। সেই সময়ত বেটমেন ৰূপত ক্ৰিজত আছিল চাৰদোল ঠাকুৰ। কিন্তু মুম্বাই ইণ্ডিয়ানছৰ বলাৰ লাচিত মালিঙ্গাই অন্তিম বলত চাৰদোল ঠাকুক এলবিডব্লিউ আউট কৰাই মুম্বাইক জয়ৰ পথ নিশ্চিত কৰে।
খেলত প্ৰথম বেটিং কৰি মুম্বাই ইণ্ডিয়ানছ দলে চেন্নাই চুপাৰ কিংছক ১৫০ ৰাণৰ লক্ষ্য বান্ধি দিছিল। প্ৰত্যুত্তৰত জছপ্ৰিত বুমৰা আৰু লাচিত মালিঙ্গা আক্ৰমনাত্মক বলিঙত চেন্নাই চুপাৰ কিংছে ১৪৮ ৰাণতে সামৰিবলগীয়া হয় নিজৰ ইনিংছ। চেন্নাই হৈ অপেনাৰ শ্বেন ৱাটছনৰ সৰ্বাধিক ৮০ আৰু ফা-ফ ডু প্লেচি ২৬ ৰাণৰ বাহিৰে অন্য বেটছমেন সকল সম্পূৰ্ণ ব্যৰ্থ হয়। মুম্বাইৰ হৈ বুমৰাহে লাভ কৰে দুটা উইকেত। ইয়াৰ বিপৰীতে লাচিত মালিঙ্গা, ৰাহুল সহল, কুনাল পাণ্ডিয়াই লাভ কৰে এটাকৈ উইকেট।