ডুবাইঃ অকল কাশ্মীৰৰ সন্ত্ৰাসবাদীকে যে পাকিস্তানে পৃষ্ঠপোষকতা কৰি আছে এনে নহয়৷ দেশখনৰ চৰিত্ৰই হ’ল চুবুৰীয়া দেশত সন্ত্ৰাস বিয়পোৱা৷

যোৱা বৃহস্পতিবাৰে জম্মু আৰু কাশ্মীৰৰ পুলৱামাত পাকিস্তান আশিসধন্য জইছ-ই-মহম্মদে আক্ৰমণ চলাই ৪২ জন জোৱানক নিহত কৰাৰ প্ৰায় একে সময়তে একেধৰণৰ আন এটা বোমা বিস্ফোৰণ সংঘটিত হৈছিল ইৰাণৰ সীমান্তত৷ 

১৬ ফেব্ৰুৱাৰীত সংঘটিত এই আত্মঘাতী বিস্ফোৰণটোত ইৰাণী সেনাৰ ৰিভ’লোচনেৰী গাৰ্ডৰ ২৭ জন জোৱান নিহত হৈছিল৷ আত্মঘাতী বোমা বিস্ফোৰণটোৰ দায়িত্ব স্বীকাৰ কৰিছিল পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ জইছ-আল-আদল নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে৷ 

বিস্ফোৰণৰ পাছতেই খঙত জ্বলি উঠিছিল ইৰাণ৷ ইৰাণ চৰকাৰে পাকিস্তানী সন্ত্ৰাসবাদীৰ এই কূটাঘাতৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি ইৰাণত থকা পাকিস্তানৰ ৰাষ্ট্ৰদূতজনক তলব কৰে৷ 

পাকিস্তানে সন্ত্ৰাসবাদী সংগঠনসমূহক দি থকা মুক্ত বিচৰণ শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনাইছে ইৰাণে৷