শিৱসাগৰঃ শিৱসাগৰ জাঁজীৰ পৰা ডিমৌলৈকে চাৰিলেনযুক্ত পথ আৰু সংযোগী দলং নিৰ্মাণত যে বিয়াগোম কেলেংকাৰী হ’ল, ৰাজকোষৰ কোটি কোটি টকা এটা চক্ৰই শৰাধ কৰিলে সেয়া অধিক স্পষ্ট হৈ পৰিছে। এইবাৰ খোদ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিৰ্দেশনা অনুসৰিয়েই দলঙত ব্যৱহাৰ কৰাৰ আগেয়ে নতুন ঠিকাদাৰ প্ৰতিষ্ঠানে ভাঙি পেলাইছে পূৰ্বৰ ঠিকাদাৰ প্ৰতিষ্ঠানে নিৰ্মাণ কৰি থৈ যোৱা বহু সংখ্যক গাৰ্ডাৰ।
কোটি কোটি টকা সৰকাই ২০২১ চনতে পলায়ন কৰা জিডিচিএল আৰু তাৰ অধীনত কাম কৰা ভিএছডি নামৰ ঠিকাদাৰ প্ৰতিষ্ঠান দুটাই কাম এৰাৰ আগেয়ে কেইবাখনো নিৰ্মীয়মান দলঙত ব্যৱহাৰ কৰিবলৈ নিৰ্মাণ কৰিছিল কেতবোৰ পকী গাৰ্ডাৰ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দিখৌ নদীৰ ওপৰত থকা গেমন দলং, দৰিকা নদীৰ ওপৰত থকা দৰিকা দলঙৰ কাষতে নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে একোখনকৈ পকী দলং।