বিশেষ প্ৰতিবেদনঃ ‘কৰ’না ভাইৰাছ’ ইতিমধ্যে পৃথিৱীৰ ১৮৬খন দেশলৈ বিয়পি পৰিছে৷ গোটেই পৃথিৱীতেই প্ৰায় ৪ লাখতকৈ অধিক লোক এই ভাইৰাছত সংক্ৰমিত হৈছে আৰু মৃত্যুমুখত পৰিছে ২০ হাজাৰতকৈও অধিক লোক। ভাৰততো এই মহামাৰীত ৭২০ জনৰো অধিক লোক  আক্ৰান্ত হৈছে আৰু ইয়াৰে ২০ জনকৈ লোক মৃত্যুমুখত পৰিছে।

এনে পৰিপ্ৰেক্ষিতত ভাৰতত চৰকাৰৰ তৰফৰ পৰা কৰ’না ভাইৰাছৰ আক্ৰমণৰ পৰা দেশবাসীক সুৰক্ষিত কৰি ৰাখিবৰ বাবে লকডাউন ঘোষণা কৰি ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ নিৰ্দেশ দিয়া হৈছে৷ ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ জনসাধাৰণক চাফ-চিকুনতাৰ ওপৰত গুৰুত্ব দিবলৈ কোৱা হৈছে আৰু হাত দুখন সঘনাই ধুই থাকিবলৈ আহ্বান জনোৱা হৈছে৷ ইয়াৰ উপৰিও মুখত মাস্ক পিন্ধিবলৈ আৰু ইজনে আনজনৰ পৰা দূৰত্ব বজাই ৰাখি চলিবলৈকো পৰামৰ্শ আগবঢ়াইছে।

এই সকলোবোৰ নীতি নিয়মৰ মাজতো এটা প্ৰশ্নই সকলোৰে মনত ক্ৰিয়া কৰি আছে। সেয়া হৈছে মাস্ক পিন্ধিলে কৰ’না ভাইৰাছৰ পৰা বাচিব পাৰিবনে? মাস্ক পিন্ধিলে মানুহ এজন সুৰক্ষিত হ’বনে? আনকি লকডাউনৰ প্ৰথম দিনটোত দেশৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে মাস্ক নিপিন্ধা লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে। অসমতো বিভিন্ন ঠাইত অসম আৰক্ষীয়ে মাস্ক নিপিন্ধি গেলামালৰ দোকান বা অত্যাৱশ্যাকীয় কামত ওলাই অহা লোকসকলক প্ৰহাৰ কৰাৰ লগতে মাস্ক পিন্ধিবলৈ দাবী-ধমকি দিয়াৰ বাতৰি আহিছে।

আমাৰ কাৰ্বি আংলং জিলাৰ প্ৰতিনিধি প্ৰাণদ্বীপ চেতিয়াই জনোৱা মতে লকডাউনৰ প্ৰথম দিনা বাতৰি পৰিৱেশনৰ বাবে ৰাজপথত কেনে পৰিৱেশ চলিছে সেয়া চাবলৈ বোকাজানস্থিত নিজৰ বাসগৃহৰ পদুলিলৈ মাস্ক নিপিন্ধাকৈ ওলাই অহাৰ সময়তে আৰক্ষীয়ে তেওঁকো দুৰ্ব্যৱহাৰ কৰিছিল। 'সাংবাদিক হিচাপে বাতৰি সংগ্ৰহ কৰাতো আমাৰ দায়িত্ব। তাতে মই ঘৰৰ পৰা পদুলিলৈ ওলাই আহিছিলো। যিহেতু কাঁহ, চৰ্দি নহ’লে মাস্ক পিন্ধাৰ প্ৰয়োজন নাই বুলি বিশেষজ্ঞসকলে কৈ আহিছে সেয়ে মই মাস্ক নিপিন্ধাকৈয়ে আছো ঘৰত। এইখিনি সময়ত মাস্কৰো নাটনি। কিন্তু টহলদাৰী আৰক্ষীয়ে মোকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। বিশেষকৈ বোকাজান আৰক্ষী থানাৰ এজন কনিষ্টবলে মই জনশূন্য ৰাজপথৰ ফটো তুলি থকা অৱস্থাত বেয়াকৈ দুৰ্ব্যৱহাৰ কৰে। মাস্ক নিপিন্ধাকৈ বাহিৰলৈ ওলোৱা বাবে মোক টঙনিয়াব লাগে বুলিও কোৱা শুনিছো।’-এইদৰে কয় সাংবাদিকগৰাকীয়ে।

বিশ্ব স্বাস্থ্য সংস্থাৰ গাইডলাইন মতে‘‘মাস্ক কেতিয়া পিন্ধিব লাগে?

বিবিচিত প্ৰকাশিত বাতৰি মতে গ্ৰেট ব্ৰিটেইন, আমেৰিকা, ছিংগাপুৰ আদি দেশ সমুহে তেওঁলোকৰ নাগৰিক সকলক যদি কৰ’নাৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা নাই তেনেহ’লে মাস্ক পিন্ধিব নালাগে বুলি উপদেশ দিছে৷ এই নিৰ্দেশনা উপৰোক্ত দেশকেইখনে বিশ্ব স্বাস্থ্য সংস্থাৰ নীতি নিৰ্দেশনাৰ আধাৰত জাৰি কৰিছে৷  সেয়ে উক্ত দেশসমূহৰ ৰাষ্টা-ঘাটত বহুত কম মানুহকহে মাস্ক পিন্ধা দেখা পোৱা গৈছে৷

আনহাতে চীন, হংকং, টাইৱান, দক্ষিণ কোৰিয়া আৰু জাপান আদি দেশত মাস্ক পিন্ধাতো এটা বিশেষ সংস্কৃতি হৈ পৰাৰ নিচিনা হৈছে আৰু সেয়ে এই দেশসমূহৰ ৰাজপথত ঘূৰি ফুৰা বেছিভাগ মানুহকে মাস্ক পিন্ধা দেখা গৈছে৷ এই দেশসমূহত সাধাৰণ দিনতো লোকসকলে মাস্ক পৰিধান কৰি বাহিৰলৈ ওলোৱাতো এক সূলভ দৃশ্য।

মাস্ক পিন্ধাসকলৰ মতে সকলোৱেই মাস্ক পিন্ধাতো দৰকাৰী কাৰণ তেওঁলোকৰ মতে কেতিয়াবা স্বাস্থ্যৱান লোকো ৰোগত আক্ৰান্ত হ’ব পাৰে আৰু মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰি ৰোগাক্ৰান্তসকলে এই বেমাৰবিধ সংক্ৰমিত কৰিব পাৰে৷ আনহাতে আনসকলৰ যুক্তিতো হৈছে সুস্থসকলেও যদি মাস্ক পিন্ধিবলৈ আৰম্ভ কৰে তেন্তে এই ৰোগত আক্ৰান্তসকলৰ বাবে মাস্কৰ নাটনি হ’ব পাৰে৷

এনে পৰিপ্ৰেক্ষিতত মাস্ক পিন্ধাটো দৰকাৰী নে অদৰকাৰী সেইটো বৰ্তমানো আলোচনাৰ বিষয় হৈ আছে৷ কাৰণ কিছু কিছু ক্ষেত্ৰত মাস্ক পিন্ধা মানুহকো কৰ’নাই আক্ৰমণ কৰা দেখা গৈছে। সেয়ে পৃথিৱীৰ বেছিভাগ দেশতেই সুস্থ ব্যক্তিসকলক এই মাস্ক পিন্ধা দেখা পোৱা হোৱা নাই৷ 

উল্লেখ্য যে বৰ্তমান সময়ত চীন আৰু দক্ষিণ কোৰিয়াত মাস্ক নিপিন্ধাসকলক ভাল চকুৰে চোৱা নহয় আৰু সেই দেশকেইখনৰ বহুতো কাৰ্য্যালয় আৰু বিল্ডিঙত মাস্ক নিপিন্ধা মানুহক প্ৰৱেশ কৰিবলৈ দিয়া নহয়৷

বিশ্ব স্বাস্থ্য সংস্থাৰ গাইডলাইন মতে সুস্থ মানুহে মাস্ক পিন্ধাৰ কোনো প্ৰয়োজন নাই৷ কৰ’না আক্ৰান্তসকলক আলপৈচান ধৰিবলগীয়া হোৱা সকলেহে মাস্ক পিন্ধাতো দৰকাৰী৷  ইয়াৰ লগতে পানীলগা আৰু কাঁহৰ সমস্যাত ভুগি থকা লোকসকলকো মাস্ক পিন্ধিবলৈ সংস্থাটোৰ গাইডলাইনত কোৱা হৈছে।

মাস্ক কেনেকৈ ব্যৱহাৰ কৰা হয়?

বহুতৰেই এই ধাৰণা আছে যে মাস্ক পিন্ধিলে সুৰক্ষিত হোৱা যায়, কিন্তু এই ধাৰণা সত্য নহয়৷ মাস্ক পিন্ধাৰ উপৰিও সময়ে সময়ে হাত দুখন ধুই থকাতোহে অধিক দৰকাৰী আৰু হাতদুখন এলকহলযুক্ত হেণ্ডছেনিটাইজাৰ নাইবা উৎকৃষ্ট চাবোনেৰেহে পৰিষ্কাৰ কৰা উচিত৷

যদিহে আপুনি মাস্ক পিন্ধে তেতিয়া মাস্ক পিন্ধাৰ নিয়মবোৰো জনাতো দৰকাৰী৷ নহ’লে মাস্ক পিন্ধা আৰু নিপিন্ধাৰ মাজত কোনো পাৰ্থক্য নাথাকিব।মাস্ক পিন্ধাৰ আগতে নিজৰ হাত দুখন অৱশ্যেই চাফা কৰি লোৱাতো দৰকাৰী৷ হাতদুখন এলকহলযুক্ত হেণ্ড ছেনিটাইজাৰ নাইবা উৎকৃষ্ট চাবোনেৰেহে ভালদৰে পৰিষ্কাৰ কৰা উচিত৷

মাস্ক পিন্ধাৰ সময়ত এইটো কথা মন কৰিব যাতে মাস্কে আপোনাৰ নাক আৰু মুখখন সম্পূৰ্ণৰূপে ঢাকি ৰাখে৷ মাস্ক আৰু মুখৰ মাজত কোনো ফাঁক বা গেপ থাকিব নালাগে৷ মাস্ক পিন্ধাৰ সময়ত মাস্কখন হাতেৰে কেতিয়াও চুব নালাগে৷ কেৱল মাস্কত লাগি থকা বেল্ট কেইডালহে চুব লাগে৷

মাস্ক যিমান সম্ভৱ হয় সিমান সোনকালে সলনি কৰি থকাতো দৰকাৰী আৰু ছিংগল ইউজ মাস্ক বা ডিছপ’জিবল মাস্কবোৰ পুনৰ ব্যৱহাৰ কৰা অনুচিত৷ আটাইতকৈ দৰকাৰী কথাটো হৈছে যে মাস্কখন খোলাৰ সময়ত সদায় পিছফালৰ পৰাহে খুলিব লাগে আৰু সন্মুখৰ ফালে হাত লগোৱা অনুচিত৷ মাস্ক মুখৰ পৰা খোলাৰ লগে লগে ঢাকনি সংলগ্ন ডাষ্টবিনত পেলোৱাটো অতি দৰকাৰী৷

কিন্তু ভাৰতত তথা আমাৰ অসমত মাস্ক পিন্ধা লোকসকলৰ বেছিভাগেই এখন মাস্ককে গোটেই দিনটো ধৰি পিন্ধি থকা দেখা গৈছে। আনকি মাস্কখন খুলি লওতেও যেনেকৈ তেনেকৈ খুলি আকৌ সেইখনকেই পিন্ধি আহিছে। কোনো কোনো লোকে ছিংগল ইউজ মাস্কো ধুই পুনৰ ব্যৱহাৰো কৰিছে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে এনেকৈ মাস্ক পিন্ধিলে বিপদত পৰাৰ হে সম্ভাৱনা অধিক।

বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞসকলেও কৈছে যে যিসমূহ দেশত মাস্কৰ নাটনি আছে সেইসমূহ দেশত লকডাউনৰ সময়ত ঘৰত আৱদ্ধ হৈ থকা অৱস্থাত মাস্ক পিন্ধাৰ কোনো প্ৰয়োজন নাই। কিয়নো সুস্থ লোকসকলে ঘৰত থকা সময়তো মাস্ক ব্যৱহাৰ কৰিলে চিকিৎসক তথা চিকিৎসা কৰ্মী আৰু ৰোগাক্ৰান্তসকলৰ বাবে মাস্কৰ অভাৱ ঘটিলে হিতে বিপৰীত হৈ পৰিব।