ইটাখোলাঃ বৃহস্পতিবাৰে পথ মেৰামতিৰ দাবীত শোণিপুৰৰ ইটাখোলাত আছুই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ইটাখোলা শাখা ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ ইটাখোলা শাখা সমিতিয়ে ইটাখোাল-চিজোচা পথ অৱৰোধ কৰি পথটো মেৰামতি কৰাৰ দাবী জনায়।
মেৰামতিৰ অভাৱত জহি-খহি যোৱা পথটো শীঘ্ৰে মেৰামতি কৰাৰ দাবী জনাই সংগঠনন দুটাই। চিজোচা সংযোগী পথ শীঘ্ৰে নিৰ্মাণ কৰাৰ লগতে দিকৰাই নৈৰ ওপৰত দলং নিৰ্মাণ কৰাৰ দাবী জনায়। সংগঠন দুটাৰ নেতা-কৰ্মীয়ে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।