মঙলদৈঃ দাদা মানুহ নহয় গৰুৱে পঢ়ে আই টি আইখনত৷ চুণ-তেল সানি উদ্ধোধন কৰি আজিলৈ মাষ্টৰো নাই ছাত্ৰ-ছাত্ৰীয়ো নাই৷ এজন যুৱকে ৰাজ্য চৰকাৰ শ্ৰম আৰু নিয়োগ বিভাগে স্থাপন কৰা উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান এখন উদ্ধোধন কৰাৰ পাছতো আজিলে পাঠদান আৰম্ভ নকৰাত এনেদৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷
মঙলদৈৰ গেৰীমাৰীত চৰকাৰে স্থাপন কৰা উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান খন ডেৰ বছৰ পুৰ্বে উদ্ধোধন কৰিছিল যদিও আজিলৈ পাঠদানটো দুৰৰ কথা নামভৰ্তিয়ে নোহােৱাত ক্ষোভিত হৈ পৰিছে যুৱ প্ৰজন্ম। পুৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে উদ্ধোধন কৰা আই টি আই বিধানসভা নিৰ্বাচনৰ পূৰ্বে ২০১৬ চনৰ ২৯ ফেব্ৰুবাৰীত তিনি কোটিৰো অধিক ধন ব্যয় সাপেক্ষে নিৰ্মান কৰি প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে উদ্ধোধন কৰিছিল৷