ডিজিটেল ডেস্কঃ চৰকাৰী চাকৰিত সংৰক্ষণৰ দাবীত ২০১৬ চনত হাৰিয়ানাত জাট সম্প্ৰদায়ে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন কৰাৰ ভয়াবহ স্মৃতি আজিও দেশবাসীয়ে পাহৰিব পৰা নাই৷ আন্দোলনৰ সময়ত হিংসাত কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে বহু ব্যৱসায় প্ৰতিষ্ঠান ভস্মীভূত কৰিছিল আন্দোলনকাৰীয়ে৷
চৰকাৰী কাৰ্যালয়ত আক্ৰমণ কৰাৰ লগতে ৰাজ পথত জ্বলাই দিছিল কেইবাশ গাড়ী৷ ইয়াৰ পিছতেই আন্দোলনকাৰীৰ বিৰুদ্ধে সস্তম হৈ পৰিছিল হাৰিয়ানা আৰক্ষী৷ আৰক্ষীয়ে জাট সম্প্ৰদায়ৰ ৮০০ জন যুৱকৰ বিৰুদ্ধে হিংসাত জৰিত থকাৰ অভিযোগত গোচৰ ৰুজু কৰে৷ ৭০টা গোচৰ উঠাই লৈ যদিও এতিয়াও বহু গোচৰৰ বাবে জাট সম্প্ৰদায়ৰ যুৱকে আদালতত দৌৰি থাকিব লগা হৈছে৷