গুৱাহাটীঃ দিল্লীত অসমৰ জীয়ৰী বিদিশা বেজবৰুৱাৰ মৃত্যুৰ ঘটনাই অন্য দিশে গতি কৰিছে। আজি পুৱাৰ ভাগত জেৰাৰ বাবে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিদিশাৰ স্বামী নিশিতক। বলিউডৰ 'জগ্গা জাচুচ’ নামৰ ছবিখনত অভিনয় কৰা অসমৰ গায়িকা তথা অভিনেত্ৰীগৰাকীৰ আত্মহত্যাৰ আঁৰত পাৰিবাৰিক কন্দলৰ ভূমিকা সম্পৰ্কে সন্দিহান হৈ পৰা বিদিশাৰ পিতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নিশিতক গ্ৰেপ্তাৰ কৰাৰ পিছতে বিষয়টো ৰহস্যঘন হৈ পৰিছে। 

গুৱাহাটীৰ উজানবজাৰৰ বাসিন্দা বিদিশাৰ মৃতদেহ সোমবাৰে উদ্ধাৰ কৰা হৈছিল দিল্লীৰ গুৰগাওঁৰ সুশান্ত লেক এলেকাৰ এটা এপাৰ্টমেণ্টত। অলপতে মুম্বাইৰ পৰা দিল্লীলৈ ঘৰ সলাইছিল বিদিশাই। তাতেই চিলিং ফেনত বিদিশাৰ ওলমি থকা মৃতদেহ প্ৰত্যক্ষ কৰে আৰক্ষীয়ে। 

পিতৃৰ ভাষ্য মতে সোমবাৰে বিদিশাই পিতৃৰ ফোনকল উঠোৱা নাছিল। তাতেই সন্দেহ উপজি পিতৃয়ে আৰক্ষীৰ কাষ চাপে আৰু বিদিশাৰ ঠিকনা দি ঘটনা বিৱৰি কয়। ঘটনা স্থলীত আৰক্ষীয়ে উপস্থিত হৈ ঘৰৰ মূল দ্বাৰ আৰু দৰ্জা বন্ধ অৱস্থাত পায়। দৰ্জা ভাঙি ভিতৰলৈ সোমাই আৰক্ষীয়ে বিদিশাৰ মৃতদেহ চিলিং ফেনত উলমি থকা অৱস্থাত দেখে। 

বিদিশাৰ পিতৃৰ ভাষ্য মতে বিদিশাই ভাল পাই বিয়া হৈছিল যদিও দুয়োজনৰ মাজত বিভিন্ন কথাক লৈ প্ৰায়ে কাজিয়া লাগিছিল। আৰক্ষীয়ে বিদিশাৰ ফোন, ফেচবুক একাউণ্ট আৰু অইন ছ’চিয়েল নেটৱৰ্কিং ছাইটত প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছে। কোনোধৰণৰ চুচাইড নোট পোৱা নাই আৰক্ষীয়ে। 

ঘটনা সন্দৰ্ভত সঠিক অনসন্ধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ ফোনযোগে অনুৰোধ জনায়।