লিডুৰপৰা উজ্জল চৌধুৰী

 

লিডুঃ সফলতাৰ ক্ষেত্ৰত যে কোনো বিষয় হেঙাৰ হ’ব নোৱাৰে তাকেই প্ৰমাণ কৰি দেখুৱালে জাগুনৰ পলাশ ফুকনে৷ বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জাগুন আহোমপথাৰ গাঁৱৰ নিবাসী অজিত ফুকন আৰু জোনালী ফুকনৰ একমাত্ৰ সন্তান পলাশ ফুকনে ৯৪  শতাংশ নম্বৰে ডিষ্ট্ৰিংচন স্থান লাভ কৰিবলৈ সক্ষম হৈছে। 

জাগুন তিনিমাইলস্থিত টিৰাপ উচ্চমাধ্যমিক বিদ্যালয়ত অধ্যয়নত ছাত্ৰ গৰাকীয়ে ইংৰাজীত ৯৫, অসমীয়াত ৯২, গনিতত ৯৩, বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ৯৬, আৰু হিন্দীত ৯২ সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে নিজৰ জন্ম গাঁওখনলৈও গৌৰৱ কঢ়িয়াই আনিছে। 

পলাশ ফুকনৰ এনে কৃতকাৰ্য্যতাত আনন্দ আত্মহাৰা হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে পৰিয়ালৰ লোক৷ পলাশৰ  দেউতাক এজন সাধাৰণ খেতিয়ক আৰু মাক এগৰাকী গৃহিনী৷ এনে অৱস্থাত নিজৰ পুত্ৰৰ এনে চমকপ্ৰদ ফলাফলত উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃৰ লগতে ওচৰ চুবুৰীয়া৷ উল্লেখ্য যে, অনাগত উচ্চতৰ মাধ্যমিকৰ  ফলাফলত তেওঁ অধিক সফলতা লাভ কৰিব বুলি আশা ব্যক্ত কৰিছে৷

ভৱিষ্যতে তেওঁ বিজ্ঞান শাখাত অধ্যয়ন কৰি এজন সফল চিকিৎসক হোৱাৰ হেঁপাহ বুকুত পুহি ৰখা বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে৷