দিচাংমুখঃ সৰু পৰ্দাত নহয় ছলমান খান, বৰুণ ধাৱনৰ দৰে ডাঙৰ পৰ্দাত অভিনয় কৰিব শিৱসাগৰৰ জিলাৰ শিৱসাগৰ চহৰৰ ৩নং ৱাৰ্ডৰ জাহিৰ আৰু জাকিৰৰ। কেৱল ইমানে নহয় বলীউদৰ ছুপাৰষ্টাৰসকলৰ সৈতে একেলগে অভিনয় কৰাৰ আশা পুহি ৰাখিছে মনৰ ভিতৰত৷ হয়, জাহিৰ আৰু জাকিৰে সপোন দেখিছে ছুপাৰষ্টাৰ হোৱাৰ৷ কিন্তু জাহিৰ আৰু জাকিৰক আপুনি মই দেখিলে বাচি উলিয়াব নোৱাৰিম৷
কিয়নো যজম জাহিৰ আৰু জাকিৰৰ মুখমণ্ডলৰ অৱয়ব একেই৷ পুৱাৰ উঠাৰ পৰাই নিশালৈকে একেলগে থকা জাহিৰ আৰু জাকিৰৰ বয়স এতিয়া ১১ বছৰ৷ তেওঁলোক এতিয়া ছাত্ৰ৷ কেৱল তেওঁলোকৰ অৱয়ব একেই যে তেনে নহয় তেওঁলোকৰ প্ৰতিটো কথা-কামৰ মিল আছে৷ দুয়োজনে একেই ধৰণৰ কোপোৰ পিন্ধাৰ লগতে খোজ-কাতলৰ ধৰণ, খোৱা-লোৱা কৰাৰ ধৰন সকলোৱে একেই৷ ওচৰৰ মানুহে কোনজন জাহিৰ আৰু কোনজন জাকিৰ সহজেই উলিয়াব নোৱাৰে৷