newsnextone.com | ডিজিটেল ডেস্কঃ বৃটেইনৰ এগৰাকী স্কুলীয়া ছাত্ৰীৰ হত্যাৰ অভিযুক্তই আৰক্ষীক নিজৰ ফেচবুক একাউন্টৰ পাছৱৰ্ড প্ৰদান নকৰাৰ অপৰাধত আদালতে ১৪ মাহৰ কাৰাদণ্ড বিহে৷ 

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি অনুসৰি, এগৰাকী স্কুলীয়া ছাত্ৰীয় হত্যা কৰাৰ অভিযোগত অভিযুক্ত ষ্টীফেন নিকোলছন নামৰ যুৱকজনৰ পৰা আৰক্ষীয়ে তদন্তৰ সময়ত ফেছবুক পাছৱৰ্ড বিচাৰিছিল৷ কিন্তু নিকোলছনে আৰক্ষীক তেওঁৰ ফেছবুক পাছৱৰ্ড প্ৰদান নকৰাত আৰক্ষীৰ তদন্তত ব্যাঘাত জন্মে৷ উল্লেখ্য যে, ষ্টীফেন নিকোলছনে ২৬ জুলাইত লুছী মেকহুগ নামৰ এগৰাকী ১৩ বৰ্ষীয় স্কুলীয়া ছাত্ৰীক ছুৰীকাঘাত কৰি হত্যা কৰিছিল৷

হত্যা সন্দৰ্ভত আৰক্ষীৰ তদন্ত কালত নিকোলছনৰ ফেছবুক একাউন্টতৰ ব্যক্তিগত মেছেজ বক্সত লুচী মেকহুগ নামৰ ছাত্ৰীগৰাকীক অভিযুক্তই হত্যাৰ পূৰ্বে কিবা মেছেজ প্ৰেৰণ কৰিছিল নেকি সেয়া জনাৰ বাবে আৰক্ষীয়ে নিকোলছনৰ ফেছবুক পাছৱৰ্ড বিছাৰিছিল৷ কিন্তু নিকোলছনে আদালতৰ মজিয়াত তেওঁৰ ফেছবুক পাছৱৰ্ড আৰক্ষীক প্ৰদান নকৰাৰ কাৰণ দৰ্শাই কয় যে পাছৱৰ্ড শ্বেয়াৰ কৰাৰ পিছত তেওঁৰ অইন ছোৱালীৰ সৈতে থকা অবৈধ সম্পৰ্কসমূহৰ বিষয়ে মুখা খোল খাব৷ কিন্তু আদালতে নিকোলছনৰ এই কাৰণ যুক্তিহীন আখ্যা দি ৰেগুলেছন অৱ ইনভেষ্টিগেট্ৰী পাৱৰ্ছ এক্ট চমুকৈ আৰআইপিএছৰ অধীনত ১৪ মাহৰ কাৰাবাসলৈ প্ৰেৰণ কৰে৷

আৰআইপিএছ ধাৰা অনুযায়ী আৰক্ষীয়ে তদন্তৰ খাতিৰত কোনো অভিযুক্তৰ ছ’চিয়েল চাইট, কম্পিউটাৰ, ফোন আদিৰ পাছৱৰ্ড বিচাৰিব পাৰে৷ যদি অভিযুক্তই আৰক্ষীৰ নিৰ্দেশ অমান্য কৰে, তেন্তে তেওঁক সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ অভিযোগত অধিকতম ২ বছৰৰ কাৰাদণ্ড অথবা ৰাষ্ট্ৰীয় সুৰক্ষাত ব্যঘাত প্ৰদান কৰাৰ অভিযোগত ৫ বছৰ পৰ্যন্ত কাৰাবাস বিহা হ’ব পাৰে৷