newsnextone.com | গোৰেশ্বৰ/ৰঙিয়াঃ বৃহস্পতিবাৰে কৃষক-শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত সমগ্ৰ দেশতে চিটুৱে জে’ল ভৰাওক কাৰ্যসূচী ৰূপায়ন কৰে। অসমতো চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে চিটু আৰু কৃষক সভাৰ জে’ল ভৰাওক কাৰ্যসূচী ৰূপায়ন কৰে।
সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো হাতে হাতে প্লেকাৰ্ড লৈ ৰাজপথলৈ ওলাই আহে কৃষক-শ্ৰমিক। অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, কৃষক-শ্ৰমিকৰ ঋণ ৰেহাই কৰা, এনআৰচিৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি বন্ধ কৰা, মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত নিখিল ভাৰত কৃষক সভা আৰু শ্ৰমিক ইউনিয়নে বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যত জে’ল ভৰাওক কাৰ্যসূচী ৰূপায়ন কৰে।