জাজৰিঃ নিউজ ১৮ অসম নৰ্থ ইষ্ট’ৰ সংবাদদাতা উপাসনা বৰুৱা গোস্বামীক তিনিচুকীয়াত আৰু ‘দৈনিক অসম’ কাকতৰ মুকালমুৱাৰ সংবাদদাতা ৰাজেন ডেকা আৰু ডিৱাইৰ যোৰহাটৰৰ সংবাদদাতা ৰাজীৱ বৰাক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক তীব্ৰ ধিক্কাৰ দিছে জাজৰি প্ৰেছ ক্লাব আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে।
জাজৰি প্ৰেছ ক্লাবৰ সভাপতি জয়ন্ত মুদৈ আৰু সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে এক বিবৃত্তিযোগে কয়, সাংবাদ মাধ্যম গণতন্ত্রৰ চতুৰ্থ স্তম্ভ। বহু কষ্ট, দুখ-ভাগৰ স্বীকাৰ কৰি ৰাইজৰ সেৱাত সাংবাদিকসকলে দেহ, মন দি কাম কৰি আহিছে নি:স্বাৰ্থভাৱে।