জিয়াউল আলী, লখিমপুৰঃ তেজপুৰ সমষ্টিৰ strong room সমূহ পৰিদৰ্শন কৰে তেজপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভানু আৰু AICCৰ সম্পাদক ভূপেন বৰাই। 

উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা strong roomও পৰিদৰ্শন কৰে ভানু আৰু AICCৰ সম্পাদক ভূপেন বৰাই। 

যিহেতু তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিহ্পুৰীয়া সমষ্টিৰ EVMসমূহ ৰখা হৈছে লখিমপুৰ সদৰৰ এই strong roomত।

লখিমপুৰৰ strong room সম্পূৰ্ণ সুৰক্ষিত বুলি মন্তব্য কৰাৰ লগতে আমিনগাঁৱলৈ স্থানান্তৰ কৰা EVMসমূহৰ ক্ষেত্ৰত তদন্ত কৰিব লাগে বুলি দাবী কৰে ভানু আৰু ভূপেন বৰাই। 

তেওঁলোকে দাবী কৰে যদিহে খালি EVM সমূহ আমিনগাঁৱলৈ স্থানান্তৰ কৰা হৈছে তেতিয়াহ’লে সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সন্মুখত এই কাম কৰিব লাগিছিল।

একেদৰে মাজনিশা এই EVM সমূহ স্থানান্তৰ কৰাক লৈ ৰাজনৈতিক সন্দেহৰও প্ৰশ্ন উত্থাপন কৰে ভানুৱে।