জাজৰিঃ পৰম্পৰা ৰক্ষা কৰি জাজৰি আঞ্চলিক শতদল শাখা সাহিত্য সভাই অঞ্চলটোৰ কেইবাগৰাকীও ৭০ উৰ্ধৰ বিশিষ্ট ব্যক্তিৰ ঘৰে ঘৰে গৈ বাপতিসাহোন ৰঙালী বিহুৰ ওলগ জনালে বছৰৰ প্ৰথম দিনটোত। 

অসমীয়া নতুন বছৰৰ পহিলা বহাগৰ দিনটোতে জাজৰি শতদল শাখা সাহিত্য সভাৰ সভাপতি ছফিকুল হক, উপ-সভাপতি ৰাহুল দেৱ বৰদলৈ, বিপুল ৰাজকুমাৰ, সম্পাদক মনোজ কুমাৰ মহন্তৰ নেতৃত্বত দহজনীয়া এটি দলে অঞ্চলটোৰ শতায়ু গৰকা জ্যেষ্ঠ মহিলা পুঠিমাই ৰাজবংশী (জাজৰি চমুৱাগাঁও), হাজী আটিকুৰ ৰহমান (বৰমনিপুৰ) আৰু মিলাধৰ শইকীয়া (গায়নগাঁও)ৰ ঘৰলৈ গৈ অসমীয়াৰ অংগবস্ত্র আৰু অসম সাহিত্য সভাৰ ওলগনি-পত্রৰে সন্মান জনায় আৰু আশিস গ্ৰহণ কৰে।