ডিজিটেল ডেক্স,জাজৰিঃ  নগাওঁ জিলাৰ জাজৰিত বটদ্ৰৱা বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বিগত বছৰৰ দৰে এই বছৰো পৰম্পৰাগত পদ্ধতিৰে অসমীয়াৰ বাপতিসাহোন কাতি বিহু দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ।  পুৱা বিহু পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভনি কৰে নগাঁও জিলা বিহু সুৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি নৰেন ডেকাই। ইয়াৰ পিছতে  তুলসী ৰোপন আৰু তুলসীৰ তলত চাকি জ্বলায়  বিশিষ্ট সমাজকৰ্মী মিহিৰাম ভূঞাই। 

কাতি বিহুৰ ৰীতি , নীতি , পৰম্পৰা অনুসৰি   জাজৰিৰ ঢলপূৰীয়া পথাৰত ৰাজহুৱা ভাৱে ৰৱাব টেঙা কাটি নিমখ , তেল দি  খোৱাৰ লগতে ৰৱাব টেঙাৰ বাকলি ধাননি পথাৰত চটিয়াই কীট পতংগ নাশ কৰিবলৈ সকলোৱে প্ৰাৰ্থনা জনায় । টেঙাখোৱা পৰ্বৰ পাছতে এখনি মুকলি সভাও অনুষ্ঠিত হয়। সভাত কাতি বিহুৰ পৰম্পৰাৰ উপৰত সমাজকৰ্মী মিহিৰাম ভূঞাই বক্তব্য ৰখাৰ লগতে টেঙা খোৱা পৰম্পৰাৰ উপৰত ভাষন ৰাখে মুনীন্দ্ৰ শইকীয়াই। তাৰ পিছতেই শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে নাম কীৰ্তনৰ লগতে ঢোলৰ চাপৰত ককাল ঘূৰাই নাচি অানন্দৰ বতৰা দিলে । 
অনুষ্ঠানত বিহু সুৰক্ষা সমিতিৰ বিষয়ববীয়া, অঞ্চলৰ আইসকল উপস্থিত থাকি অসমীয়া সমাজৰ পৰা  হেৰাই যাব খোজা বাপতিসাহোন  কাতি বিহুটোৰ তাৎপৰ্য নৱ প্ৰজন্মৰ মাজত সজীৱ কৰি ৰাখিবলৈ  লোৱা  প্ৰচেষ্টাক সকলোৱে শলাগ জনাইছে। 

জাজৰিৰ পৰা ৰাহুল দেৱ বৰদলৈ