Home ভাইৰেলমৰিগাৱঁত আৰক্ষীৰ উদ্ভণ্ডালি,সাংবাদিকক গুৰুলা-গুৰুলকৈ পিটন

মৰিগাৱঁত আৰক্ষীৰ উদ্ভণ্ডালি,সাংবাদিকক গুৰুলা-গুৰুলকৈ পিটন

by webmaster
0 comments

ডিজিটেল ডেক্স,মৰিগাওঁঃ দূৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে যোৱা নিশা মৰিগাওঁ চহৰৰ মাজমজিয়াত আৰক্ষীয়ে এগৰাকী কৰ্তব্যৰত সংবাদ কৰ্মীক প্ৰ্হাৰ কৰি বিনা কাৰণত আটক কৰি ওৰে নিশা থানাত আবদ্ধ কৰি ৰখা ঘটনাই ব্যাপক প্ৰ্তিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে,মৰিগাওঁ চহৰৰ মাজমজিয়াত যোৱা নিশা প্ৰায় ১১ বজাত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয়। “অসম বাৰ্তা” নামৰ কাকত খনৰ লগতে ৱেব মিডিয়াৰ সৈতে জড়িত চন্দন হীৰা নামৰ সংবাদ কৰ্মীজনে উক্ত ঘটনাৰ দৃশ্য গ্ৰ্হণ কৰি থকাৰ সময়তে জনৈক নাথ নামৰ এজন কৰ্তব্যৰত আৰক্ষীয়ে স্ংবাদ কৰ্মীজনক মাৰপিট কৰি পোচাকত ধৰি থানালৈ লৈ যায়। সেই সময়তে আন এজন আৰক্ষীৰ লোকে স্ংবাদ কৰ্মীজনৰ পিঠিত বন্দুকৰ কুণ্ডাৰে নিৰ্মম ভাৱে প্ৰ্হাৰ কৰে। আনকি নাথ উপাধিৰ উক্ত আৰক্ষী লোকজনৰ ঘৰলৈ ফুৰিবলৈ অহা এজন আলহী লোকেও যুৱ স্ংবাদ কৰ্মীজনক মাৰধৰ কৰাৰ লগতে একাংশ আৰক্ষীয়ে বাতৰি কাকতত প্ৰ্কাশ কৰিব নোৱাৰা অশ্লীল শব্দৰে পৰিৱেশ দূষিত কৰি তোলাৰ লগতে যুৱকজনক ওৰে নিশা মৰিগাওঁ সদৰ থানাত আবদ্ধ কৰি ৰাখে।
ইফালে এনেদৰে এজন স্ংবাদ কৰ্মীক আৰক্ষীয়ে নিৰ্যাতন চলাই বিনা কাৰণত আটক কৰি ৰখাক কেন্দ্ৰ কৰি ব্যাপক প্ৰ্তিক্ৰিয়াৰ সৃষ্টি হোৱাত অৱশেষত আৰক্ষীয়ে আজি পুৱা ১০ মান বজাত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত এখন উকা কাগজত চহী কৰাই সংবাদ কৰ্মীজনক মুকলি কৰি দিয়ে।ইয়াৰ পিছতে সংবাদ কৰ্মীজনে সমগ্ৰ ঘটনা সন্দৰ্ভত মৰিগাওঁ সদৰ থানাত এক এজাহাৰ দাখিল কৰে।

সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ মৰিগাওঁ জিলা সমিতিৰ সভাপতি প্ৰণৱ কুমাৰ ভটাচাৰ্য আৰু সাধাৰণ সম্পাদক সীমান্ত ৰাভাই ঘটনাটোৰ সন্দৰ্ভত ক্ষীপ্ৰভাৱে কাৰ্যব্যৱস্থা লোৱাৰ দাৱীত আৰক্ষীঅধীক্ষকক এক স্মাৰক পত্ৰ প্ৰ্দান কৰে। ইফালে মৰিগাওঁ শাখা সাহিত্য সভা,সদৰ যুৱ ছাত্ৰ পৰিষদ, কলিতা সেনাকে ধৰি বিভিন্ন দল স্ংগঠনে উক্ত ঘটনাক নিন্দা কৰি এক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰি বিহিত ব্যৱস্থা ল’বলৈ দাৱী জনাইছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0