Home দেশজম্মু-কাশ্মীৰৰ পুঞ্চত ভয়াৱহ পথ দুৰ্ঘটনাত ১১ জন নিহত, আহত ১৯

জম্মু-কাশ্মীৰৰ পুঞ্চত ভয়াৱহ পথ দুৰ্ঘটনাত ১১ জন নিহত, আহত ১৯

by News Desk
A+A-
Reset
Untitled-collage-13-1

শ্ৰীনগৰঃ জম্মু-কাশ্মীৰস্থিত পুঞ্চ জিলাত শনিবাৰে এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়৷  পুৱা পুঞ্চৰপৰা মণ্ডী অভিমুখী যাত্ৰা কৰা বাছ খন হঠাতে গভীৰ খাৱৈত বাগৰি পৰে৷ এই দুৰ্ঘটনাত বাছখনত যাত্ৰা কৰা প্ৰায় ১১ জন ব্যক্তিৰ মৃত্যুৰ লগতে আন ১৯ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বুলি জানিব পৰা গৈছে৷ 

উল্লেখ্য যে, JK02W0445 নম্বৰ বাছখনে লুৰনৰপৰা পুঞ্চৰ দিশে যাত্ৰা কৰাৰ অৱস্থাতে বাছৰ পৰিচালকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত গভীৰ খালত বাগৰি পৰে৷ এই ঘটনাৰ লগে লগে উদ্ধাৰকাৰী দলে আহি ঘটনাস্থলিৰপৰা আঘাতপ্ৰাপ্ত হোৱা যাত্ৰীসকলৰ লগতে মৃতদেহবোৰো উদ্ধাৰ কৰে৷ আনহাতে, মূমুৰ্ষ অৱস্থাত থকা লোকসকলক নিকট মণ্ডীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে৷ লগতে উক্ত ঘটনাসন্দৰ্ভত স্থানীয় আৰক্ষীয়ে তদন্তৰ অব্যাহত ৰাখিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0