Home ৰাজ্যকৰ’নাক ৰুধিবলৈ জনতা কাৰ্ফিউলৈ পূৰ্ণ সহাৰি কাৰ্বি আংলংবাসীৰ

কৰ’নাক ৰুধিবলৈ জনতা কাৰ্ফিউলৈ পূৰ্ণ সহাৰি কাৰ্বি আংলংবাসীৰ

by News Desk
A+A-
Reset
karbi-curfew

বোকাজানঃ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে কৰ’না ভাইৰাছৰ সংক্ৰমণক বাধা দিয়া পদক্ষেপৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা ১৪ ঘণ্টীয়া ‘জনতাৰ সান্ধ্য আইন’ৰ প্ৰতি ব্যাপক সঁহাৰি দেখা গৈছে পাহাৰীয়া জিলা কাৰ্বি আংলংৰ ডিফু, মাঞ্জা, বোকাজান, ডিলাই, চিলনীজান, হাওৰাঘাট, বকলীয়াঘাট আদি বিভিন্ন অঞ্চলত। এই অনুযায়ী আজি পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ পালন কৰিবলগীয়া জনতাৰ সান্ধ্য আইনৰ প্ৰতি সকলো শ্ৰেণীৰ ৰাইজে সঁহাৰি জনাই নিজ ঘৰতে পৰিয়ালসহ নিজকে আৱদ্ধ কৰি লোৱাৰ লগতে জিলাখনৰ বিভিন্ন স্থানৰ সকলোধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ, কাৰ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে৷

স্বাভাৱিকভাৱেই বন্ধ হৈ পৰে লঘু তথা গধুৰ সকলো ধৰণৰ যান-বাহনৰ চলাচল। অইন দিনসমূহত নিশালৈকে ব্যাপক যানবাহনৰ চলাচলেৰে মুখৰিত হৈ থকা পাহাৰীয়া জিলাখনত দেওবাৰৰ দিনটোত নাই কোনো ব্যস্ততা। জিলাখনৰ প্ৰতিটো পথ-উপপথ সম্পূৰ্ণৰূপে শান্ত আৰু নীৰৱ হৈ থকাৰ লগতে জিলাখনৰ বিভিন্ন ঠাইৰ পৰাও খবৰ অহা নাই কোনো যান-বাহনৰ চলাচল বা অন্যান্য খবৰ। জিলাখনৰ মূল বাট-পথসমূহৰ লগতে জিলাখনৰ মাজেদি যোৱা ৩৯ নং আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ দুটাও সম্পূৰ্ণৰূপে জনশূন্য হৈ পৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0