59
ছাজাহান ছেলিম কুৰেছি, ৰঙাপৰাঃ বৰ্তমানলৈ ৰাজ্যত জাপানীজ এনকেফেলাইটিজৰ ফলত মৃ্ত্যুমুখত পৰিছে অৰ্ধশতাধিক লোক৷ আনহাতে বৰ্তমানেও বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বহুতো জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈ।
জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ ৰঙাপৰাৰ ভেলৱাটাৰ গাঁৱৰ সোনাবিল অঞ্চলৰ মন্টিকা গুৱালা(৯) নামৰ এগৰাকী ছোৱালী তেজপুৰস্থিত মিছন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।