জয়ন্ত মুদৈ, নগাঁওঃ এখন ব্যতিক্ৰমী বিবাহ। বিবাহখনলৈ অহা প্ৰতি গৰাকী অভ্যাগতক যঁচা হৈছে একোটিকৈ গছপুলি। কাৰোবাক যদি দিয়া হৈছে চন্দন গছৰ পুলি, কোনোবাই উপহাৰ হিচাপে পাইছে অৰ্জুন গছৰ পুলি। 

মুঠতে বিবাহ অনুষ্ঠানলৈ অহা অভ্যাগতই ঘৰলৈ লৈ গৈছে একোটিকৈ গছপুলি। হয়, ৰাজ্যৰ চৌদিশে বন ধ্বংসৰ অঘোষিত প্ৰতিযোগিতাৰ মাজতে এখন বিবাহত এযোৰ দৰা কইনাৰ ব্যতিক্ৰমী প্ৰয়াস। এই পৰিৱেশ দেখা গ’ল নগাঁও জিলাৰ বিৰহ বেবেজীয়াৰ এক বিবাহ অনুষ্ঠানত।

বিয়াত দৰা-কইনাক আৰ্শীবাদ দিবলৈ অহা প্ৰতিগৰাকী লোককে গছপুলি উপহাৰ হিচাপে দিছে দৰা জিতুল দাসে। ইপিনে, এই বিবাহ অনুষ্ঠানত প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনো উপস্থিত হৈ দৰা-কইনাৰ পৰা গ্ৰহণ কৰিলে এটি গছপুলি। প্ৰকৃতি সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বেবেজীয়াৰ উদ্যমী যুৱক জিতুল দাস আৰু পিংকি দাসৰ বিবাহ অনুষ্ঠানত নিমন্ত্ৰিত অতিথিসকলক এনেদৰে গছপুলি প্ৰদান কৰা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷ 

তদুপৰি বিবাহস্থলীৰ সমীপতে কৰা হয় বৃক্ষৰূপনৰ ব্যৱস্থা৷ বিৰহ বেবেজীয়াৰ সচেতন যুৱক জিতুল দাসে লোৱা এই ব্যতিক্ৰমী পদক্ষেপক প্ৰশংসা কৰিছে বিবাহ অনুষ্ঠানত উপস্থিত থকা সকলোৱে। 

কিছুদিন পূৰ্বে অভিনয় জগতৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী দেৱাশীস বৰঠাকুৰ আৰু সুকন্যা ৰাজগুৰুৰ শুভ বিবাহৰ দিনা তেওঁলোকে নিমন্ত্ৰিণ অতিথিসকলকো গছ-পুলি বিতৰণ কৰিছিল৷