Printer-friendly version

বাণিজ্য ডেস্কঃ গুৱাহাটীৰ পঞ্চতাৰকাযুক্ত হোটেল তাজ ভিভাণ্টাত অনুষ্ঠিত হয় জে ডি এক্সেলেন্স ইন ডিজাইন বঁটাৰ দ্বাদশ সংখ্যক অনুষ্ঠান।

জে ডি ইনষ্টিটিউট অৱ ফেছন টেকনোলজিৰ এই অনুষ্ঠানত শিক্ষাৰ্থীয়ে দ্য ডিফাৰেণ্টছ শীৰ্ষক থিমৰ বিষয়ত বিভিন্ন ধৰণে শৈলী উপস্থাপন কৰে।

অনুষ্ঠানৰ উদ্বোধন কৰে প্ৰতিষ্ঠানটোৰ পদাধিকাৰী আৰ চি দালালে। এই অনুষ্ঠানৰে সংগতি ৰাখি ইণ্টেৰিঅৰ ডিজাইন আৰু ফেছন ফটোগ্ৰাফীৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয়।

ৰেম্পত খোজ দিয়ে ফেমিনা মিছ ইণ্ডিয়া প্ৰিয়দৰ্শনী চেটাৰ্জীয়ে।