NNO বাণিজ্য ডেস্কঃ অৱশেষত বজাৰলৈ আহিল জীপৰ বহু প্ৰতীক্ষিত ‘কম্পাছ SUV’। সোমবাৰে আনুষ্ঠানিকভাৱে জীপ 'কম্পাছ SUV’ মুকলি কৰা হয়। ভাৰতীয় বজাৰত এই SUVখনৰ দাম (এক্স শ্ব’ৰুম) হৈছে ₹১৪.৯৫ লাখ।
এই দামেৰে হুণ্ডাইৰ ক্ৰেটাৰ দৰে সৰু SUVৰ সৈতে জীপৰ কম্পাছে তীব্ৰ প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ’ব বুলি আশা কৰা হৈছে। জীপৰ অন্য SUVৰ তুলনাত অধিক সস্তাত বজাৰত মুকলি কৰা হৈছে কম্পাছ।
৫টা ছীটযুক্ত এই স্পৰ্টছ ইউটিলিটি শ্ৰেণীৰ বাহনখন হৈছে গ্ৰেণ্ড চেৰ’কি আৰু ৰেংগলাৰৰ পিছত জীপৰ তৃতীয় SUV বাহন। আন দুখন SUVতকৈ কম্পাছক বিশেষজ্ঞসকলে প্ৰাধান্য দিয়া দেখা গৈছে।
বাহনখনৰ সমুখভাগ আন SUVৰ দৰেই। হ’লেও কম্পাছত হেডলাইটৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিছে নিৰ্মাণকাৰী সংস্থাটোৱে। গাড়ীখনৰ কেবিন যছেষ্ট আকৰ্ষণীয়। মনোৰঞ্জনৰ বাবে আছে Apple কাৰ প্লে আৰু এণ্ড্ৰইড অট’।
♦ CLICK HERE ♦ SBIৰ আকৌ নতুন নিয়ম, সুতৰ হাৰ হ্ৰাস
♦ CLICK HERE ♦ মাৰ্চত বন্ধ হ'ব ৰন্ধন গেছৰ ৰাজসাহায্য
পুণেৰ ৰঞ্জনাগা ইউনিটত নিৰ্মাণ কৰা হ’ব জীপ কম্পাছৰ। এই গাড়ীখনৰ জৰিয়তেই জীপৰ আমদানিৰ ক্ষেত্ৰখনত চীন, ব্ৰাজিলৰ পিছতে ভাৰতৰ নামো সংযুক্ত হৈ পৰে।
♦ CLICK HERE ♦ নিজ কন্যা ধৰ্ষণকাৰী স্বামীক হত্যা মহিলাৰ
পুণেৰ এই ইউনিটটোত ২৮০ কোটি ডলাৰ বিনিয়োগ কৰিছে জীপ নিৰ্মাণকাৰী ইটালীয়-মাৰ্কিন বহুজাতিক প্ৰতিষ্ঠান ফিয়েট ক্ৰাইছলাৰ অট’মোবাইলছ চমুকৈ এফ চি এ-ই।