66
ডিজিটেল ডেস্কঃ জিঅ’ক প্ৰতিহত কৰিবলৈ নতুন অফাৰ এয়াৰটেলৰ৷ দেশৰ আগশাৰীৰ টেলিকম প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ ঘোষণা কৰিছে কেইবাটাও নতুন অফাৰ৷ এই নতুন অফাৰ পেকসমূহ হৈছে ২৪৪ টকা, ৩৪৫ টকা আৰু ৩৯৯ টকাৰ ৰিচাৰ্ছ ভাউছাৰ।
২৪৪ টকাৰ এই নতুন পেকটোৰ জৰিয়তে গ্ৰাহকে দৈনিক ১ জি বি ডাটা লাভ কৰিব৷ উক্ত পেকটোৰ বৈধতা ৭০ দিন৷ আনহাতে এয়াৰটেল নেটৱৰ্কলৈ প্ৰত্যেক দিনে ৩০০ মিনিট পৰ্যন্ত ভইছ কলৰ সুবিধা পাব গ্ৰাহকে৷