ডিজিটেল ডেস্কঃ শুকুৰবাৰে মুকেশ আম্বানীয়ে ৰিলায়েঞ্চৰ বাৰ্ষিক সাধাৰণ সভাত মুকলি কৰা বিনামূলীয়া ফ’ৰ জি সেৱা লাভ কৰিবপৰা জিঅ’ফোনটো বুকিং আৰম্ভ হ’ব ২৪ আগস্তৰ পৰা। ফাৰ্ষ্ট কাম, ফাৰ্ষ্ট চাৰ্ভ ভিত্তিত এই ফোনটো মাই জিঅ’ এপযোগে বুকিং কৰিব পাৰিব। তদুপৰি জিঅ’ ৰিটেইলাৰত গৈও বুকিং কৰিব পাৰিব এই ফোনটো। ফোনটোৰ বাবদ ১৫০০ টকাৰ চিকিউৰিটি ডিপজিট দিব লাগিব। এই ডিপজিট ৩৬ মাহৰ মুৰত ঘুৰাই দিয়া হ’ব। গতিকে ফোনটোৰ মূল্য ০ টকা হ’বগৈ।
কি ফিচ্চাৰ আছে এই জিঅ’ফোনটোত?