নগৰবেৰাঃ কামৰূপ গ্ৰাম্য জিলাৰ বকো বিধানসভা সমষ্টিৰ চমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত সোণতলী চৌধুৰীপাম গাঁও পঞ্চায়তৰ এটা পথ নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
ৰাইজৰ অভিযোগ মতে ৫০নং সোণতলী চৌধুৰীপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪নং ৱাৰ্ডৰ ই এণ্ড ডি মথাউৰিৰ পৰা সোণতলী সত্ৰৰ গোলাম মহম্মদৰ ঘৰলৈ যোৱা পথটো নিৰ্মাণৰ বাবে এনৰেগা আঁচনিৰ পৰা পাঁচ লাখ টকাৰ অনুমোদন লাভ কৰিছিল। চৰকাৰী নিয়ম মতে জবকাৰ্ডৰ শ্ৰমিকৰ দ্বাৰা পথটোৰ কাম কৰাব লাগিছিল।