ডিজিটেল ডেস্কঃ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিজেপিয়ে বছৰত ২ কোটি নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ কেৱল ইমানে নহয় শাসনলৈ আহিলে সকলো খালি পদ পূৰণৰ প্ৰতিশ্ৰুতি দিছিল৷ তেনে ধৰণৰ অলেখ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল বিজেপি দল৷ কিন্তু শাসনলৈ অহাৰ পিছত সকলো যেন ফুটুকাৰ ফেনত পৰিণত হ’ল৷ পুনৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এনেবোৰ প্ৰতিশ্ৰুতিৰ কথা এতিয়া আলোচনা হ’ব ধৰিছে দেশত৷
২০১৪ চনৰ পৰা চৰকাৰ চলাই থকা বিজেপি দলে ৫ বছৰীয়া কাৰ্যকাল সমাপ্ত কৰিবৰ হ’ল যদিও ২ কোটি চৰকাৰী চাকৰি দিব খোজা নৰেন্দ্ৰ মোদীয়ে ২ লাখ চাকৰিও দিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে৷ ৪ বছৰ কাৰ্কাল সমাপ্ত হোৱা চৰকাৰ খনে দেশত খালি পদ কিমান আছে সেয়াও স্পষ্ট নহয়৷ চৰকাৰ গঠন কৰাৰ পিছত লাভ জেহাদ, গো-ৰক্ষাৰ নামত ৰাজনীতি আৰম্ভ হোৱা চৰকাৰ খনৰ কাৰ্যকালত চাকৰী দিয়াৰ নামত নিবনুৱাক ৰামঠগন দিয়াহে দেখা গৈছে৷