ডিজিটেল ৰিপ’ৰ্টঃ সৰুৰে পৰা অভিনয়ৰ প্ৰতি হেপাহ থকা এজন নতুন অভিনেতাই শেহতীয়া ভাৱে মুন্না আহমেদৰ বিগ বাজেটৰ মাল্টিষ্টাৰাৰ ছবি “নিজানৰ গান”ত যতীন বৰাৰ লগতে এক মুখ্য চৰিত্ৰত অভিনয় কৰিছে, তেওঁৰ নাম হৈছে জ’ন হক। নলবাৰী জিলাৰ ৰামপুৰ, মুকালমুৱাত জন্মগ্ৰহণ কৰা বৰ্তমান গুৱাহাটীৰ বাসিন্দা জ’ন হকে এইখন ছবিৰ জৰিয়তে ছবিজগতত প্ৰথম খোজ পেলাইছে।
ইয়াৰ আগতে তেওঁ চুটি ছবি “তালাক-এ লাভ ষ্ট’ৰী”ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু “নেবকাচ মেডিয়া এৱাৰ্ড ২০১৭” ত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান পাবলৈ সক্ষম হৈছিল। “তালাক-এ লাভ ষ্ট’ৰী” চুটি ছবিখনো পৰিচালনা কৰিছিল জনপ্ৰিয় পৰিচালক মুন্না আহমেদে। প্ৰযোজনা কৰিছে সাংস্কৃতিক কৰ্মী হাইদৰ আলম আজাদে।