যোৰহাটঃ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন যোৰহাট পৌৰসভাত অবশেষত আৰম্ভ হল বিসম্বাদ। দায়িত্ব লোৱাৰে পৰা যোৰহাটবাসীৰ আশা আকাংক্ষা পূৰণত ব্যৰ্থ হোৱা পৌৰসভাখনৰ সভানেত্ৰী অৰুণা দত্তই অৱশেষত পদত্যাগ কৰিবলৈ বাধ্য হয়।
ইয়াৰ লগে লগে পৌৰসভাখনৰ প্ৰকৃত অবস্থা পোহৰলৈ অহাৰ লগতে ক্ষমতাৰ বাবে পৌৰসভাখনত চলা লবীকেন্দ্ৰিক ৰাজনীতৰ কথা পোহৰলৈ আহিল। কিয়নো অদক্ষ পৌৰসভাখনৰ সভানেত্ৰীগৰাকীয়ে কাম কৰিব নোৱাৰাৰ বাবে নহয় বৰঞ্চ ক্ষমতাৰ বাবে দলৰেই একাংশই কৰা লবী ৰাজনীতিৰ বাবেহে পদত্যাগ কৰিবলৈ বাধ্য হয়।