77
চাবুৱাঃ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত বুধবাৰৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৰা অনশনৰ কাৰ্যসূচীৰ আজি সামৰণি পৰে৷
সংগঠনটোৱে ৰাজ্যৰ সকলো ঠাইৰ লগতে ডিব্ৰুগড় জিলাতো বানপীড়িতক সাহায্য দিয়া, বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আৰু বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰাৰ দাবীত বুধবাৰৰ পৰা ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ডিব্ৰুগড় জিলাত ৰূপায়ণ কৰে।